إعدادات العرض
1- কেৱল ফৰজ আদায় কৰা।
2- পৰিস্কাৰ-পৰিচ্ছন্নতা তথা পৱিত্ৰতা হৈছে ঈমানৰ অৰ্দ্ধাংশ।
3- সৎকৰ্ম যিমান পাৰা সোনকালে কৰা, কাৰণ ফিতনা অন্ধকাৰ ৰাতিৰ টুকুৰাৰ দৰে ঘন সন্নিৱিষ্ট হৈ আহি আছে।
4- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আনচাৰসকলৰ বিষয়ে কৈছেঃ "কেৱল মুমিনসকলেহে তেওঁলোকক ভাল পাব, আৰু কেৱল মুনাফিকসকলেহে তেওঁলোকক ঘৃণা কৰিব। গতিকে যিয়ে তেওঁলোকক ভাল পায়, আল্লাহে তাক ভাল পায়, আৰু যিয়ে তেওঁলোকক ঘৃণা কৰে, আল্লাহে তাক ঘৃণা কৰে।
5- তোমালোকে জানানে তোমালোকৰ প্ৰতিপালকে কি কৈছে? তেওঁলোকে ক'লেঃ আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালকৈ জানে। তেখেতে ক'লেঃ (আল্লাহে কৈছে) "মোৰ কিছুমান বান্দাই মুমিন হৈ আৰু কিছুমান বান্দাই কাফিৰ হৈ প্ৰভাত কৰিছে।
6- নিশ্চয় মই হাউজৰ ওচৰত থাকিম, তোমালোকৰ মাজৰ যিসকলে মোৰ ওচৰলৈ আহিব মই তেওঁলোকক দেখা পাম। কিছুমান লোকক মোৰ সন্মুখৰ পৰাই গ্ৰেপ্তাৰ কৰি লৈ যোৱা হ'ব। তেতিয়া মই কম, হে মোৰ প্ৰতিপালক! এওঁলোক মোৰ মানুহ, মোৰ উম্মতৰ মানুহ।