إعدادات العرض
হে বিলাল! নামাজৰ ইক্বামত দিয়া, আৰু ইয়াৰ দ্বাৰা আমাক আৰাম প্ৰদান কৰা।
হে বিলাল! নামাজৰ ইক্বামত দিয়া, আৰু ইয়াৰ দ্বাৰা আমাক আৰাম প্ৰদান কৰা।
ছালিম বিন আবিল জাআদৰ পৰা বৰ্ণিত, এজনে ক'লে যে, হায়! মই যদি নামাজ পঢ়িলোঁহেঁতেন তেন্তে আৰাম অনুভৱ কৰিলোঁহেঁতেন। উপস্থিত লোকসকলে বিষয়টোক যেনিবা বেয়া বুলি ভাবিলে। তেতিয়া তেওঁ ক'লেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ "হে বিলাল! নামাজৰ ইক্বামত দিয়া, আৰু ইয়াৰ দ্বাৰা আমাক আৰাম প্ৰদান কৰা।"
[ছহীহ] [(আবু দাঊদ)]
الترجمة
العربية English မြန်မာ Svenska Čeština ગુજરાતી Yorùbá Nederlands اردو Bahasa Indonesia ئۇيغۇرچە বাংলা සිංහල हिन्दी Tiếng Việt Hausa Kiswahili پښتو دری Кыргызча Lietuvių Kinyarwanda नेपाली മലയാളം తెలుగు Bosanski ಕನ್ನಡ Kurdî Română Soomaali Shqip Српски Українська Wolof Tagalog Moore தமிழ் Azərbaycan فارسی ქართული 中文 Magyar Português Deutsch Русский Македонски አማርኛ bm Malagasy Oromoo ភាសាខ្មែរالشرح
চাহাবাসকলৰ মাজৰ কোনো এজন চাহাবীয়ে ক'লে যে, নামাজ পঢ়িলে কিজানি শান্তি অনুভৱ কৰিলোঁহেঁতেন। তেওঁৰ ওচৰে পাঁজৰে থকা লোকসকলে বিষয়টোক বেয়া অনুভৱ কৰিলে। তেতিয়া তেওঁ ক'লেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ হে বিলাল! আজান দিয়া আৰু নামাজৰ ইক্বামত দিয়া, যাতে আমি শান্তি অনুভৱ কৰিব পাৰোঁ। কাৰণ নামাজৰ দ্বাৰা আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰা হয়, সেয়ে অন্তৰ আৰু ৰূহে আৰাম অনুভৱ কৰে।فوائد الحديث
নামাজৰ জৰিয়তে অন্তৰে প্ৰশান্তি লাভ কৰে, কাৰণ নামাজৰ দ্বাৰা আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰা হয়।
সিহঁতৰ ধাৰণাক খণ্ডন কৰা, যিসকলে ইবাদতক বোজা বা কঠিন বুলি অনুভৱ কৰে।
নিজৰ ওপৰত থকা ওৱাজিবাত তথা অনিবাৰ্য্য দায়িত্বসমূহ যিয়ে পালন কৰে আৰু ইয়াৰ পৰা যেতিয়া তেওঁ দায়মুক্ত হৈ যায়, তেতিয়া তেওঁ শান্তি অনুভৱ কৰে।