তোমালোকৰ মাজৰ কোনোৱেই তেতিয়ালৈকে পৰিপূৰ্ণ মুমিন হ'ব নোৱাৰিব, যেতিয়ালৈকে তাৰ প্ৰবৃত্তি মই লৈ অহা দ্বীনৰ অনুগামী…

তোমালোকৰ মাজৰ কোনোৱেই তেতিয়ালৈকে পৰিপূৰ্ণ মুমিন হ'ব নোৱাৰিব, যেতিয়ালৈকে তাৰ প্ৰবৃত্তি মই লৈ অহা দ্বীনৰ অনুগামী নহ'ব।

আবু মুহাম্মদ আব্দুল্লাহ ইবনু আমৰ ইবনিল আচ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ মাজৰ কোনোৱেই তেতিয়ালৈকে পৰিপূৰ্ণ মুমিন হ'ব নোৱাৰিব, যেতিয়ালৈকে তাৰ প্ৰবৃত্তি মই লৈ অহা দ্বীনৰ অনুগামী নহ'ব।"

[قال النووي: حديث صحيح] [رويناه في كتاب الحجة بإسناد صحيح]

الشرح

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা স্পষ্ট কৰিছে যে, মানুহে তেতিয়ালৈকে প্ৰকৃত ঈমানৰ অধিকাৰী হ'ব নোৱাৰে যেতিয়ালৈকে তেওঁৰ কামনা-বাসনা তথা প্ৰবৃত্তিৰ চাহিদা নবী চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয়তৰ দিশ-নিৰ্দেশনা অনুযায়ী নহ'ব। অৰ্থাৎ যেতিয়ালৈকে তেখেতৰ আদেশক ভাল নাপাব আৰু নিষেধকৃত বস্তুক অপছন্দ নকৰিব।

فوائد الحديث

চৰীয়তৰ প্ৰতি আত্মসমৰ্পণ কৰা আৰু সেই অনুযায়ী আমল কৰাৰ ক্ষেত্ৰত এই হাদীছটো হৈছে এটা মূলনীতি।

মানুহক সতৰ্ক কৰা হৈছে যে, যিয়েই নিজৰ বিবেক বা অভ্যাসক ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয়তৰ ওপৰত প্ৰাধান্য দিব, তাৰ ঈমানক নাকচ কৰা হৈছে।

সকলো ক্ষেত্ৰতে চৰীয়তৰ বিধান প্ৰয়োগ কৰা অনিবাৰ্য। কাৰণ তেখেতে কৈছেঃ "যিটো চৰীয়ত মই লৈ আহিছোঁ।"

নেক কৰ্মৰ জৰিয়তে ঈমান বৃদ্ধি হয় আৰু পাপকৰ্মৰ দ্বাৰা ঈমান হ্ৰাস হয়।