إعدادات العرض
1- সোণৰ বিনিময়ত ৰূপৰ মুদ্ৰা হাতে হাতে লগে লগে আদান-প্ৰদান নহ'লে সুত হ'ব, ঘেঁহুৰ বিনিময়ত ঘেঁহু লগে লগে আদান প্ৰদান নহ'লে সুতৰ অন্তৰ্ভুক্ত, যৱৰ বিনিময়ত যৱ হাতে হাতে আদান-প্ৰদান নহ'লে সুত হ'ব, এইদৰে খেজুৰৰ বিনিময়ত খেজুৰ লগে লগে আদান-প্ৰদান নহ'লে সুত হ'ব।
2- সোণৰ বিনিময়ত সোণ, ৰূপৰ বিনিময়ত ৰূপ, ঘেঁহুৰ বিনিময়ত ঘেঁহু, যৱৰ বিনিময়ত যৱ, খেজুৰৰ বিনিময়ত খেজুৰ, নিমখৰ বিনিময়ত নিমখ, সমপৰিমাণে হ'ব লাগিব, হাতে হাতে (নগদ) আদান-প্ৰদান হ'ব লাগিব। যদি দ্ৰৱ্য বেলেগ বেলেগ হয়, আৰু নগদ ক্ৰয়-বিক্ৰয় হয় তেন্তে তোমালোকে যিদৰে ইচ্ছা সেইদৰেই ক্ৰয়-বিক্ৰয় কৰিব পাৰা।