إعدادات العرض
যি ব্যক্তিয়ে হজ্জ পালন কৰিলে আৰু (সেই হজ্জ কৰাৰ সময়ত) কোনো ধৰণৰ অশ্লীল কৰ্ম কৰা নাই আৰু পাপকৰ্মও কৰা নাই, এনেকুৱা…
যি ব্যক্তিয়ে হজ্জ পালন কৰিলে আৰু (সেই হজ্জ কৰাৰ সময়ত) কোনো ধৰণৰ অশ্লীল কৰ্ম কৰা নাই আৰু পাপকৰ্মও কৰা নাই, এনেকুৱা ব্যক্তি ঠিক সেইদিনৰ দৰে (নিষ্পাপ হৈ) ঘৰলৈ উভতিব, যিদিনা তাৰ মাকে তাক প্ৰসৱ কৰিছিল।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই শুনিছোঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যি ব্যক্তিয়ে হজ্জ পালন কৰিলে আৰু (সেই হজ্জ কৰাৰ সময়ত) কোনো ধৰণৰ অশ্লীল কৰ্ম কৰা নাই আৰু পাপকৰ্মও কৰা নাই, এনেকুৱা ব্যক্তি ঠিক সেইদিনৰ দৰে (নিষ্পাপ হৈ) ঘৰলৈ উভতিব, যিদিনা তাৰ মাকে তাক প্ৰসৱ কৰিছিল।
[ছহীহ] [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Türkçe اردو 中文 हिन्दी ئۇيغۇرچە Kurdî Hausa Português മലയാളം తెలుగు Kiswahili தமிழ் မြန်မာ Deutsch 日本語 پښتو Tiếng Việt Shqip Svenska Čeština ગુજરાતી አማርኛ Yorùbá Nederlands සිංහල ไทย دری Akan Azərbaycan Български Fulfulde Magyar Italiano ಕನ್ನಡ Кыргызча Lietuvių Malagasy नेपाली or Română Kinyarwanda тоҷикӣ O‘zbek Moore Wolof Oromoo Српски Soomaali bm Українська Tagalog rn km ქართული Македонски Lingalaالشرح
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, যি ব্যক্তিয়ে আল্লাহৰ বাবে হজ্জ পালন কৰিছে, আৰু সেই হজ্জত কোনো ধৰণৰ অশ্লীল কামত লিপ্ত হোৱা নাই, হাদীছটোত (الرفث) শব্দৰ দ্বাৰা সহবাস কৰা বুজাইছে, যাৰ আৰম্ভণি হৈছে চুমা দিয়া, আলিংগন কৰা আদি, এই শব্দটোৰ দ্বাৰা অন্যান্য অশ্লীলতাকো বুজোৱা হয়; আৰু সেই হজ্জত তেওঁ কোনো পাপকৰ্মও কৰা নাই। পাপকৰ্মৰ দ্বাৰা ইহৰাম অৱস্থাত নকৰিবলগীয়া কামসমূহক বুজোৱা হৈছে। তেন্তে সেই ব্যক্তি নিষ্পাপ হৈ ঘৰলৈ উভতিব। যিদৰে সদ্যহতে ভূমিষ্ঠ হোৱা শিশু এটি নিষ্পাপ হৈ জন্ম গ্ৰহণ কৰে।فوائد الحديث
পাপকৰ্ম যদিও সকলো অৱস্থাতেই নিষিদ্ধ; তথাপিও বিশেষভাৱে হজ্জৰ বিধি-বিধানসমূহ পালনৰ সন্মানাৰ্থে ইয়াৰ নিষিদ্ধতা আৰু অধিক গুৰুতৰ হৈ পৰে।
মানুহে সাধাৰণতে মাতৃ গৰ্ভৰ পৰা নিষ্পাপ তথা গুনাহ নথকা অৱস্থাত জন্মগ্ৰহণ কৰে। সি আনৰ (অৰ্থাৎ পিতা-মাতাৰ) গুনাহ বহন নকৰে।
التصنيفات
হজ্জ আৰু ওমৰাৰ ফজীলত