إعدادات العرض
নিশ্চয় কিছুমান মানুহে আল্লাহৰ সম্পদ অন্যায়ভাৱে ভক্ষণ কৰে। কিয়ামতৰ দিনা সিহঁতৰ বাবে নিৰ্ধাৰিত আছে জাহান্নামৰ…
নিশ্চয় কিছুমান মানুহে আল্লাহৰ সম্পদ অন্যায়ভাৱে ভক্ষণ কৰে। কিয়ামতৰ দিনা সিহঁতৰ বাবে নিৰ্ধাৰিত আছে জাহান্নামৰ জুই।
খাওলাহ আল-আনচাৰিয়্যাহ ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছে মই শুনিছোঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "নিশ্চয় কিছুমান মানুহে আল্লাহৰ সম্পদ অন্যায়ভাৱে ভক্ষণ কৰে। কিয়ামতৰ দিনা সিহঁতৰ বাবে নিৰ্ধাৰিত আছে জাহান্নামৰ জুই।"
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी ئۇيغۇرچە Kurdî Português മലയാളം తెలుగు Kiswahili தமிழ் မြန်မာ Deutsch 日本語 پښتو Tiếng Việt Shqip Svenska Čeština ગુજરાતી አማርኛ Yorùbá Nederlands සිංහල Hausa ไทย دری Fulfulde Magyar Italiano ಕನ್ನಡ Кыргызча Lietuvių or Română Kinyarwanda Српски O‘zbek Moore नेपाली Oromoo Wolof Soomaali Malagasy Български Українська Azərbaycan ქართული bm тоҷикӣ Македонскиالشرح
নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে এই হাদীছটোত মুছলিমসকলৰ সম্পদ অন্যায়ভাৱে ভক্ষণ কৰা আৰু অন্যায়ভাৱে গ্রহণ কৰা সম্পৰ্কে উল্লেখ কৰিছে। এইটো অন্যায়ভাৱে সম্পদ জমা কৰা আৰু অসৎ পথেৰে উপাৰ্জন কৰা তথা অনুচিত ঠাইত ব্যয় কৰা ইত্যাদি সকলো ক্ষেত্রতে ব্যাপক অৰ্থত ব্যৱহৃত হৈছে। লগতে এতীমৰ সম্পদ ভক্ষণ কৰা, ওৱাকফকৃত সম্পদ ভক্ষণ কৰা, আমানত ওভোতাই দিবলৈ অস্বীকাৰ কৰা, তথা জনসাধাৰণৰ সম্পদ অন্যায়ভাৱে গ্রাস কৰা ইত্যাদি সকলো বিষয় এই হাদীছৰ অন্তৰ্ভুক্ত। এইবোৰ উল্লেখ কৰাৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, কিয়ামতৰ দিনা সিহঁতৰ পৰিণাম হ'ব জাহান্নাম।فوائد الحديث
মানুহৰ ওচৰত যিবোৰ সম্পদ আছে সেইবোৰ মূলতে আল্লাহৰেই সম্পদ। আল্লাহে সিহঁতক প্রতিনিধি বনাইছে, সিহঁতে যেন উক্ত সম্পদ চৰীয়তসন্মত উপায়েৰে ব্যয় কৰে আৰু অন্যায়ভাৱে ব্যয় কৰাৰ পৰা বিৰত থাকে। ইয়াৰ ভিতৰত সাধাৰণ মানুহ আৰু শাসক সকলোৱে অন্তৰ্ভুক্ত।
ৰাজহুৱা সম্পদৰ বিষয়ে ইছলামী চৰীয়তে অধিক কঠোৰতা অৱলম্বন কৰিছে। সিহঁতৰ মাজৰ যিয়েই ইয়াৰ দায়িত্ব গ্ৰহণ কৰিব, কিয়ামতৰ দিনা তাক এইবোৰ সম্পদৰ সংৰক্ষণ আৰু ব্যয় সম্পৰ্কে জবাবদিহি কৰা হ'ব।
যিসকলে নিজৰ বা আনৰ কোনো সম্পদ অন্যায়ভাৱে অৰ্জন কৰে বা ব্যয় কৰে সিহঁতেও এই সতৰ্কবাণীৰ অন্তৰ্ভুক্ত।