إعدادات العرض
যিয়ে মোৰ নামেৰে হাদীছ বৰ্ণনা কৰে, অথচ সি জানে যে, সেইটো মিছা, তেন্তে সিও হৈছে এজন মিছলীয়া।
যিয়ে মোৰ নামেৰে হাদীছ বৰ্ণনা কৰে, অথচ সি জানে যে, সেইটো মিছা, তেন্তে সিও হৈছে এজন মিছলীয়া।
ছামুৰাহ বিন জুনদাব আৰু মুগীৰাহ বিন শ্বুবাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ দ্বাৰা বৰ্ণিত, তেওঁলোক উভয়ে কৈছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে মোৰ নামেৰে হাদীছ বৰ্ণনা কৰে, অথচ সি জানে যে, সেইটো মিছা, তেন্তে সিও হৈছে এজন মিছলীয়া।"
[ছহীহ]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी Hausa Kurdî Português සිංහල Kiswahili Tiếng Việt ગુજરાતી Nederlands پښتو नेपाली മലയാളം Кыргызча Română Svenska Српски తెలుగు ქართული Moore Magyar Македонски Čeština Українська Azərbaycan Wolof Kinyarwanda Malagasyالشرح
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যিয়ে তেওঁৰ নামত এনেকুৱা হাদীছ প্ৰচাৰ কৰে যিটো সম্পৰ্কে সি জানে অথবা তাৰ ধাৰণা আছে নাইবা সি নিশ্চিত যে সেইটো তেখেতৰ নামত মিছা প্ৰচাৰ কৰা হৈছে, তেন্তে বৰ্ণনাকাৰী আৰু প্ৰচাৰকাৰীও মিছলীয়া বুলি গণ্য হ'ব।فوائد الحديث
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত হাদীছৰ সত্যতা নিৰূপণ কৰা অনিবাৰ্য, লগতে প্ৰচাৰ কৰাৰ আগত ইয়াৰ সত্যতা যচাই কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত।
মিছাৰ বৈশিষ্ট্য সেই সকলো লোকৰ ওপৰতে লাগো হয়, যিয়ে মিছা উদ্ভাৱন কৰে আৰু যিয়ে মানুহৰ মাজত প্ৰচাৰ-প্ৰসাৰ কৰে।
যিয়ে জানে যে, এইটো মওজু বা জাল হাদীছ অথবা যিয়ে নিশ্চিত ধাৰণা কৰিব পাৰে যে, এইটো জাল তেন্তে সেইটো বৰ্ণনা কৰা হাৰাম। কিন্তু সতৰ্ক কৰাৰ উদ্দেশ্যত বৰ্ণনা কৰাত কোনো অসুবিধা নাই।