إعدادات العرض
‘‘তুমি আজান শুনা পোৱানে?’’ তেওঁ ক’লে, ‘হয়, শুনা পাওঁ।’ তেখেতে ক’লে, ‘‘তেনেহ’লে তুমি সঁহাৰি দিয়া।’’ [অর্থাৎ মছজিদলৈ…
‘‘তুমি আজান শুনা পোৱানে?’’ তেওঁ ক’লে, ‘হয়, শুনা পাওঁ।’ তেখেতে ক’লে, ‘‘তেনেহ’লে তুমি সঁহাৰি দিয়া।’’ [অর্থাৎ মছজিদলৈ আহি চালাত আদায় কৰা।]
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেখেতে কৈছেঃ এজন অন্ধ লোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি নিবেদন কৰিলে যে, হে আল্লাহৰ ৰাছুল! মোক মছজিদত লৈ আনিব পৰা কোনো মানুহ নাই। এতেকে সেই ব্যক্তিয়ে নিজৰ ঘৰত চালাত আদায় কৰিবলৈ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত অনুমতি বিচাৰিলে। ফলত তেখেতেও তেওঁক অনুমতি প্ৰদান কৰিলে। কিন্তু যেতিয়া তেওঁ উভতি যাবলৈ ধৰিলে, তেতিয়া তেখেতে তেওঁক মাতি ক’লে, ‘‘তুমি আজান শুনা পোৱানে?’’ তেওঁ ক’লে, ‘হয়, শুনা পাওঁ।’ তেখেতে ক’লে, ‘‘তেনেহ’লে তুমি সঁহাৰি দিয়া।’’ [অর্থাৎ মছজিদলৈ আহি চালাত আদায় কৰা।]
الترجمة
العربية Bosanski English Español فارسی Français Bahasa Indonesia Русский Türkçe اردو हिन्दी Tagalog 中文 বাংলা ئۇيغۇرچە Kurdî Português മലയാളം తెలుగు Kiswahili தமிழ் မြန်မာ ไทย 日本語 پښتو Tiếng Việt Shqip Svenska Čeština ગુજરાતી አማርኛ Yorùbá Nederlands සිංහල Hausa دری Magyar Italiano ಕನ್ನಡ Кыргызча Lietuvių Malagasy Kinyarwanda नेपाली Română Српски Soomaali Deutsch Moore Українська Български Wolof Azərbaycan ქართული тоҷикӣ bm Македонскиالشرح
হাদীছটোত উল্লেখ হৈছে যে, এজন দৃষ্টিহীন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! মোক সহায় কৰিব পৰা কোনো নাই, যিয়ে পাঁচ ওৱাক্ত নামাজৰ বাবে মোৰ হাতত ধৰি মোক মছজিদলৈ আনিব। সেয়ে তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত জামাতত নামাজ নপঢ়াৰ অনুমতি বিচাৰি আবেদন কৰিলে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামেও তেওঁ অনুমতি প্ৰদান কৰিলে। কিন্তু ব্যক্তিজন যেতিয়া উভতি যাব ধৰিলে তেতিয়া তেখেতে তেওঁক মাতি ক'লেঃ তুমি আজান শুনিব পাৰানে? তেওঁ ক'লেঃ হয়। এই কথা শুনি তেখেতে ক'লেঃ তেন্তে তুমি আজানৰ প্ৰতি সঁহাৰি প্ৰদান কৰি মছজিলৈ আহিব লাগিব।فوائد الحديث
জামাতত নামাজ পঢ়া ওৱাজিব। কিয়নো বাধ্যতামূলক তথা ওৱাজিব কামৰ বাবেহে অৱকাশৰ অনুমতি দিয়া হয়।
হাদীছটোত উল্লেখিত «فأجب» এই শব্দটোৰ দ্বাৰা বুজা যায় যে, আজান শুনিব পৰা প্ৰতিজন ব্যক্তিৰ বাবে জামাতত নামাজ আদায় কৰা ওৱাজিব। কাৰণ হুকুম বা আদেশ হৈছে ওৱাজিব হোৱাৰ প্ৰমাণ।