সপোন সম্পৰ্কীয় নিয়ম-নীতি

সপোন সম্পৰ্কীয় নিয়ম-নীতি

1- যেতিয়া তোমালোকৰ মাজৰ কোনোবাই ভাল সপোন দেখা পায়, যিটোক তেওঁ পছন্দ কৰে, সেই সপোন হৈছে আল্লাহৰ ফালৰ পৰা। এতেকে এনেকুৱা সপোনৰ বাবে তেওঁ আল্লাহৰ প্ৰশংসা কৰা উচিত আৰু সেইটো বৰ্ণনা কৰা উচিত। আনহাতে ইয়াৰ বিপৰীতে যদি কোনো বেয়া সপোন দেখে, যিটোক তেওঁ অপছন্দ কৰে, তেনেকুৱা সপোন হৈছে চয়তানৰ ফালৰ পৰা। এতেকে এনেকুৱা সপোনৰ অনিষ্টৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত, লগতে এনেকুৱা সপোনৰ বিৱৰণ কাকো দিব নালাগে। ই তাৰ কোনো ক্ষতি কৰিব নোৱাৰিব।