إعدادات العرض
“হে আল্লাহ! মোৰ উম্মতৰ যি ব্যক্তিয়ে কোনো ধৰণৰ কৰ্তৃত্ব লাভ কৰাৰ পিছত মানুহৰ প্রতি ৰূঢ় আচৰণ কৰিব, তুমিও তাৰ প্রতি…
“হে আল্লাহ! মোৰ উম্মতৰ যি ব্যক্তিয়ে কোনো ধৰণৰ কৰ্তৃত্ব লাভ কৰাৰ পিছত মানুহৰ প্রতি ৰূঢ় আচৰণ কৰিব, তুমিও তাৰ প্রতি ৰূঢ় আচৰণ কৰিবা। আনহাতে মোৰ উম্মতৰ যি ব্যক্তিয়ে কোনো দায়িত্ব লাভ কৰাৰ পিছত মানুহৰ সৈতে নম্ৰ আচৰণ কৰিব, তুমিও তাৰ প্রতি নম্রতা দেখুৱাবা আৰু সদয় হ'বা।”
আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত তেওঁ কৈছে, মই মোৰ এই ঘৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কওঁতে শুনিছোঁ, তেখেতে কৈছেঃ “হে আল্লাহ! মোৰ উম্মতৰ যি ব্যক্তিয়ে কোনো ধৰণৰ কৰ্তৃত্ব লাভ কৰাৰ পিছত মানুহৰ প্রতি ৰূঢ় আচৰণ কৰিব, তুমিও তাৰ প্রতি ৰূঢ় আচৰণ কৰিবা। আনহাতে মোৰ উম্মতৰ যি ব্যক্তিয়ে কোনো দায়িত্ব লাভ কৰাৰ পিছত মানুহৰ সৈতে নম্ৰ আচৰণ কৰিব, তুমিও তাৰ প্রতি নম্রতা দেখুৱাবা আৰু সদয় হ'বা।”
[ছহীহ] [(মুছলিম)]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी Kurdî Hausa Português മലയാളം తెలుగు Kiswahili தமிழ் မြန်မာ Deutsch 日本語 پښتو Tiếng Việt Shqip Svenska Čeština ગુજરાતી አማርኛ Yorùbá Nederlands ئۇيغۇرچە සිංහල ไทย دری Fulfulde Magyar Italiano ಕನ್ನಡ Кыргызча Lietuvių or Română Kinyarwanda Српски O‘zbek Moore नेपाली тоҷикӣ Oromoo Wolof Soomaali Malagasy Български Українська Azərbaycan ქართული bm Македонскиالشرح
হাদীছটোত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সেইসকল লোকৰ বিৰুদ্ধে বদ্দুআ কৰিছে, যিসকলে মুছলিমসকলৰ কোনো বিষয়ৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত তেওঁলোকৰ প্ৰতি ৰূঢ় আচৰণ কৰে তথা তেওঁলোকৰ ওপৰত কঠোৰতা অৱলম্বন কৰে, সেই দায়িত্ব সৰু হওক বা ডাঙৰ, ৰাষ্ট্রীয় সাধাৰণ দায়িত্ব হওক বা আংশিক কোনো দায়িত্ব। তেখেতে বদ্দুআ কৰি কৈছে যে, আল্লাহে যেন সিহঁতৰ প্ৰতিও সমপৰ্যায়ৰ কঠোৰতা অৱলম্বন কৰে তথা সেই অনুপাতেই যেন সিহঁতক প্ৰতিফল দিয়ে। আনহাতে যিসকলে দায়িত্ব লাভ কৰাৰ পিছত নম্ৰতা অৱলম্বন কৰিব তথা তেওঁলোকৰ সৈতে কোমল আচৰণ কৰিব আৰু তেওঁলোকৰ কামবোৰক সহজ কৰিব, আল্লাহেও তেওঁলোকৰ প্রতি কোমল হ'ব আৰু তেওঁলোকৰ যাৱতীয় কাম সহজ কৰি দিব।فوائد الحديث
যিয়ে মুছলিমসকলৰ দায়িত্বভাৰ গ্রহণ কৰিব, তেওঁৰ উচিত তেওঁ যেন অধীনস্থ লোকসকলৰ প্ৰতি নম্ৰতা অৱলম্বন কৰে।
কর্ম অনুযায়ীয়ে বিনিময় প্ৰদান কৰা হয়।
কোমলতা আৰু কঠোৰতাৰ মাপকাঠি হৈছে যিটো কোৰআন আৰু ছুন্নাহ বিৰোধী নহয়।