إعدادات العرض
1- জান্নাতত সৰ্বপ্ৰথম যিটো দল প্ৰৱেশ কৰিব, তেওঁলোকৰ মুখমণ্ডল হ'ব পূৰ্ণিমাৰ ৰাতিৰ চন্দ্ৰৰ দৰেই উজ্জ্বল। ইয়াৰ পিছত যিটো দল প্ৰৱেশ কৰিব তেওঁলোকৰ মুখমণ্ডল হ'ব আকাশৰ সৰ্বাধিক দীপ্তিমান উজ্জ্বল তৰাৰ দৰে।
2- এতেকে তোমালোকে যেতিয়া আল্লাহৰ ওচৰত জান্নাত প্ৰাৰ্থনা কৰিবা, তেতিয়া ফিৰদাউচ বিচাৰিবা।
3- মোৰ উম্মতৰ এটা দল সদায় বিজয়ী থাকিব, অৱশেষত আল্লাহৰ নিৰ্দেশ (কিয়ামত) আহি পৰিব আৰু তেওঁলোক বিজয়ী অৱস্থাতে থাকিব।
4- যদি কোনোবাই তাৰ ভাতৃক হে কাফিৰ বুলি সম্বোধন কৰে, তেন্তে উভয়ৰ মাজৰ যিকোনো এজনৰ ওপৰলৈ সেইটো উভতি আহিব। যাক কোৱা হৈছে, সি যদি সঁচাই কাফিৰ হয় তেন্তে কোনো কথা নাই। অন্যথা যিয়ে সম্বোধন কৰিছে, তাৰ ওপৰতে সেইটো উভতি আহিব।
5- মোৰ প্ৰজন্মৰ লোকসকলেই হৈছে তোমালোকৰ মাজত সৰ্বোত্তম। ইয়াৰ পিছত সেইসকল লোক, যিসকল ইয়াৰ পিছৰ প্ৰজন্মৰ। তাৰ পিছত সেইসকল লোক, যিসকল তাৰ পিছৰ প্ৰজন্মৰ।