আক্বীদাহ - الصفحة 2

আক্বীদাহ - الصفحة 2

12- মোক নিৰ্দেশ দিয়া হৈছে, মই যেন মানুহৰ সৈতে তেতিয়ালৈকে যুদ্ধ কৰোঁ যেতিয়ালৈকে সিহঁতে এই সাক্ষ্য প্ৰদান নকৰিব যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল। এইদৰে যেতিয়ালৈকে সিহঁতে নামাজ প্ৰতিষ্ঠা নকৰিব আৰু জাকাত আদায় নকৰিব।

18- ক্বিয়ামতৰ দিনা বান্দাৰ ভৰি তেতিয়ালৈকে আগবাঢ়িব নোৱাৰিব যেতিয়ালৈকে তাক এই কেইটা প্ৰশ্ন কৰা নহ'ব। তাৰ আয়ুস সম্পৰ্কে প্ৰশ্ন কৰা হ'ব, সি ইয়াক ক'ত ব্যয় কৰিছে। তাৰ জ্ঞান সম্পৰ্কে প্ৰশ্ন কৰা হ'ব, সি ইয়াক ক'ত ব্যৱহাৰ কৰিছে, তাৰ ধন-সম্পদ সম্পৰ্কে প্ৰশ্ন কৰা হ'ব, সি এইবোৰ কেনেকৈ উপাৰ্জন কৰিছিল আৰু ক'ত ব্যয় কৰিছিল, লগতে তাৰ শৰীৰ সম্পৰ্কে প্ৰশ্ন কৰা হ'ব, সি ইয়াক কেনেকৈ কামত লগাইছে।

43- আজান শুনাৰ পিছত যিয়ে এই দুআ পাঠ কৰিবঃ اللَّهُمَّ رَبَّ هَذِهِ الدَّعْوَةِ التَّامَّةِ، وَالصَّلاَةِ القَائِمَةِ، آتِ مُحَمَّدًا الوَسِيلَةَ وَالفَضِيلَةَ، وَابْعَثْهُ مَقَامًا مَحْمُودًا الَّذِي وَعَدْتَهُ আল্লাহুম্মা ৰাব্বা হা-জিহিদ দা'ৱাতিত তা-ম্মাহ, অচ্ছালাতিল ক্বা-য়িমাহ, আ-তি মুহাম্মাদানিল অচীলাতা অল ফাজীলাহ। অবআছহু মাক্বা-মাম মাহমূদানিল লাজী ওৱা আত্তাহ। কিয়ামতৰ দিনা তাৰ বাবে মোৰ শ্বাফাআত ওৱাজিব হৈ পৰে।

54- চয়তান তোমালোকৰ ওচৰলৈ আহি কুমন্ত্ৰণা দি কয় যে, এইটো কোনে সৃষ্টি কৰিছে? সেইটো কোনে সৃষ্টি কৰিছে? অৱশেষত কয় যে, তোমাৰ প্ৰতিপালকক কোনে সৃষ্টি কৰিছে? যদি এনেকুৱা কোনো কথা কাৰো মনত উদ্ভৱ হয় তেন্তে সি আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত, আৰু এনেকুৱা চিন্তাৰ পৰা বিৰত থকা উচিত।

59- কিয়ামতৰ অন্যতম আলামত হৈছে, ইল্ম (জ্ঞান) উঠাই লোৱা হ'ব, অজ্ঞানতা প্ৰসাৰিত হ'ব, জিনা তথা ব্যভিচাৰ বেছি হ'ব, মাদক দ্ৰৱ্য সেৱনকাৰীয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিব, পুৰুষৰ সংখ্যা কমিব আৰু নাৰীৰ সংখ্যা বৃদ্ধি পাব, আনকি প্ৰতি পঞ্চাচজনী নাৰীৰ তত্ত্বাৱধায়ক হ'ব কেৱল এজন পুৰুষ।

90- চাৰিটা দোষ যাৰ ভিতৰত আছে, সি হৈছে প্ৰকৃত মুনাফিক। যাৰ মাজত এই চাৰিটা দোষৰ যিকোনো এটা আছে, সি সেইটো পৰিত্যাগ নকৰালৈকে তাৰ ভিতৰত মুনাফিকৰ এটা স্বভাৱ থাকি যায়। (সেই দোষ চাৰিটা হৈছে) যেতিয়া সি কথা কয়, মিছা মাতে, আৰু যেতিয়া সন্ধি বা চুক্তি কৰে তেতিয়া সেয়া অমান্য কৰে, এইদৰে যেতিয়া প্ৰতিশ্ৰুতি দিয়ে তেতিয়া ভঙ্গ কৰে, লগতে কাজিয়া লাগিলে গালি শপনি পাৰে।