إعدادات العرض
1- মুনাফিকসকলৰ ওপৰত আটাইতকৈ কঠিন চালাত হৈছে, ইশ্বা আৰু ফজৰৰ চালাত। সিহঁতে যদি এই দুই চালাতৰ ফজিলত সম্পর্কে জানিলেহেঁতেন তেনেহ’লে চুঁচৰি হ’লেও তাত উপস্থিত হ’লহেঁতেন। মোৰ এনেকুৱা লাগে যে, মই চালাত আদায় কৰাৰ আদেশ দিওঁ ফলত ইকামত দিয়া হওক, আৰু ইয়াৰ পিছত কাৰোবাক নামাজ পঢ়াবলৈ নিৰ্দেশ দিওঁ যেন তেওঁ মানুহকলৈ চালাত আদায় কৰে। আৰু মই এনেকুৱা কিছুমান মানুহক লগত লৈ যাম যিসকলৰ লগত থাকিব খৰিৰ বোজা, সেইসকল লোকৰ ঘৰলৈ যাম যিসকলে চালাতত উপস্থিত হোৱা নাই, ফলত সেই খৰিৰে সিহঁতৰ ঘৰত জুই লগাই দিম।
2- মুনাফিকৰ উদাহৰণ হৈছে সেইজনী ছাগলীৰ দৰে, যিজনী ছাগলীয়ে দুটা জাকৰ মাজত উদ্ভ্ৰান্তভাৱে ঘূৰি থাকে, এবাৰ ইফালে যায়, এবাৰ সিফালে যায়।