অংগ-প্ৰত্যাংগৰ জৰিয়তে কৰা আমলৰ গুৰুত্ব

অংগ-প্ৰত্যাংগৰ জৰিয়তে কৰা আমলৰ গুৰুত্ব

2- মানুহে যিবোৰ দীনাৰ (স্বৰ্ণমুদ্ৰা) ব্যয় কৰে, সেইবোৰৰ মাজত সৰ্বোত্তম দীনাৰ হৈছে সেইটো, যিটো তেওঁ নিজ পৰিয়ালবৰ্গৰ বাবে ব্যয় কৰে। ইয়াৰ পিছত সেই দীনাৰ সৰ্বোত্তম, যিটো তেওঁ আল্লাহৰ পথত (জিহাদ কৰিবলৈ) নিজৰ পৰিবহণৰ বাবে ব্যয় কৰে। ইয়াৰ পিছত সেই দীনাৰ উত্তম, যি দীনাৰ তেওঁ আল্লাহৰ পথত থকা সঙ্গী-সাৰথিসকলৰ ওপৰত ব্যয় কৰে।

3- মুমিন নোহোৱাকৈ তোমালোকৰ মাজৰ কোনেও জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব, আৰু তোমালোকে প্ৰকৃত মুমিন হ'ব নোৱাৰিবা যেতিয়ালৈকে তোমালোকে ইজনে সিজনক মুহাব্বত নকৰিবা। মই তোমালোকক সেই বিষয়টো জনাই নিদিমনে, যিটো কৰিলে তোমালোকৰ পৰস্পৰৰ মাজত মুহাব্বত সৃষ্টি হ'ব? সেইটো হৈছেঃ তোমালোকে পৰস্পৰে ছালাম আদান প্ৰদান কৰা।