إعدادات العرض
1- মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাবে (ফৰজ) গোছলৰ পানী ৰাখিলোঁ, আৰু এটা কাপোৰেৰে পৰ্দা কৰি দিলোঁ। তেখেতে দুয়ো হাতৰ ওপৰত পানী ঢালি দুয়ো হাত ধুই ল’লে। তাৰ পিছত সোঁহাতেৰে বাওঁহাতত পানী ঢালি লজ্জাস্থান ধুই ল’লে। ইয়াৰ পাছত মাটিত হাত ঘঁহি পৰিষ্কাৰ কৰিলে আৰু তাৰ পিছত ধুই ল’লে। ইয়াৰ পাছত কুলি কৰিলে আৰু নাকত পানী দি নাক চাফ কৰিলে। তাৰ পাছত মুখমণ্ডল ধুলে আৰু দুয়ো বাহু ধুই ল’লে। ইয়াৰ পিছত মূৰত পানী ঢালিলে আৰু সম্পূৰ্ণ শৰীৰত পানী ঢালিলে। তাৰ পাছত অকণমান আঁতৰি গৈ দুয়ো ভৰি ধুই ল’লে। ইয়াৰ পিছত (শৰীৰ মচিবলৈ) মই এখন কাপোৰ আনি দিলোঁ কিন্তু তেখেতে গ্ৰহণ নকৰিলে। আনকি তেখেতে হাতেৰে শৰীৰৰ পানী জোকাৰি পেলাই আগবাঢ়ি গ'ল।
2- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া জানাবাতৰ (ফৰজ) গোছল কৰিছিল, তেতিয়া তেখেতে প্ৰথমে ভালকৈ দুয়োখন হাত ধুইছিল। তাৰ পিছত নামাজৰ অজুৰ দৰে অজু কৰিছিল। তাৰ পিছত গোছল কৰিছিল।
3- প্ৰতিজন মুছলিমৰ ওপৰতে সপ্তাহত নূন্যতম এদিন গোছল কৰা অনিবাৰ্য, সেই গোছলত মূৰ আৰু শৰীৰ ধুই লব লাগিব।
4- মই ইছলাম গ্ৰহণ কৰাৰ উদ্দেশ্যে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিলোঁ, তেতিয়া তেখেতে মোক বগৰী পাত মিশ্ৰিত পানীৰে গোছল কৰি আহিবলৈ নিৰ্দেশ দিলে।