إعدادات العرض
1- পৃথিৱী হৈছে উপভোগৰ উপকৰণ (ভোগ সামগ্ৰী), আৰু পৃথিৱীৰ আটাইতকৈ উত্তম উপভোগ্য উপকৰণটো হৈছে পূণ্যৱতী নাৰী।
2- নিশ্চয় পৃথিৱী হৈছে সুমধুৰ সেউজ-শ্যামল। এই কথাও নিশ্চিত যে, আল্লাহে তোমালোককে ইয়াৰ উত্তৰাধিকাৰী বনাইছে, যাতে তেওঁ তোমালোকক চাব পাৰে যে, তোমালোকে কেনেকুৱা আমল কৰা। গতিকে পাৰ্থিৱ বিষয় সম্পৰ্কে সতৰ্ক থাকিবা আৰু নাৰীৰ পৰাও সতৰ্ক থাকিবা।
3- কোনো ঈমান্দাৰ পুৰুষে যেন কোনো ঈমান্দাৰ নাৰীক (স্ত্ৰীক) ঘৃণা নকৰে। কাৰণ যদি তেওঁ তাইৰ কোনো এটা আচৰণত অসন্তুষ্ট হয় তেন্তে তাইৰ আন এটা আচৰণত নিশ্চয় সন্তুষ্ট হ'ব।
4- তোমালোকে নাৰীসকলৰ ওচৰলৈ যোৱাৰ পৰা বিৰত থাকা।" এজন আনচাৰী ব্যক্তিয়ে সুধিলে, হে আল্লাহৰ ৰাছুল! দেৱৰ সম্পৰ্কে আপোনাৰ অভিমত কি? তেখেতে ক'লেঃ "দেৱৰ হৈছে মৃত্যু সমতুল্য"।
5- হে নাৰী সমাজ! তোমালোকে বেছি বেছি চাদাক্বাহ কৰা। কাৰণ জাহান্নামৰ অধিবাসীসকলৰ মাজত মই তোমালোকৰ সংখ্যা অধিক দেখিছোঁ।" তেতিয়া তেওঁলোকে সুধিলে, হে আল্লাহৰ ৰাছুল! ইয়াৰ কাৰণ কি? তেখেতে ক'লেঃ "কাৰণ তোমালোকে অভিশাপ বেছি দিয়া আৰু স্বামীৰ অকৃতজ্ঞ হোৱা। বুদ্ধি আৰু দ্বীনৰ ক্ষেত্ৰত ত্ৰুটি থকা সত্ত্বেও এজন সদায় সতৰ্ক থকা ব্যক্তিৰ বুদ্ধি হৰণৰ ক্ষেত্ৰত তোমালোকতকৈ পাৰদৰ্শী মই আন কাকো দেখা নাই।
6- স্বামী অথবা মাহৰাম (যাৰ লগত বিবাহ নিষিদ্ধ) অবিহনে কোনো নাৰীয়ে যেন দুদিনৰ দূৰত্বৰ ভ্ৰমণ নকৰে।
7- মই নাৰীসকলৰ সৈতে মুচাফাহা নকৰোঁ, মোৰ কথা এশ জনী নাৰীৰ বাবে যেনেকুৱা, এজনীৰ বাবেও তেনেকুৱাই।