إعدادات العرض
1- জান্নাতত সৰ্বপ্ৰথম যিটো দল প্ৰৱেশ কৰিব, তেওঁলোকৰ মুখমণ্ডল হ'ব পূৰ্ণিমাৰ ৰাতিৰ চন্দ্ৰৰ দৰেই উজ্জ্বল। ইয়াৰ পিছত যিটো দল প্ৰৱেশ কৰিব তেওঁলোকৰ মুখমণ্ডল হ'ব আকাশৰ সৰ্বাধিক দীপ্তিমান উজ্জ্বল তৰাৰ দৰে।
2- যিয়ে পাহাৰৰ ওপৰৰ পৰা জাপ মাৰি আত্মহত্যা কৰে, সি জাহান্নামত থাকিব, তাত সি চিৰকাল সেইদৰে জঁপিয়াই থাকিব।
3- তোমালোকে এই বিষয়ত মোৰ সৈতে বাইআত কৰা যে, আল্লাহৰ সৈতে কাকো অংশীদাৰ স্থাপন নকৰিবা, চুৰি নকৰিবা, ব্যভিচাৰ নকৰিবা।
4- ইছলাম আৰম্ভণিত অপৰিচিত আছিল। অচিৰেই পুনৰ সেই অপৰিচিত অৱস্থালৈ উভতি যাব। এতেকে সেই অপৰিচিত অৱস্থাত যিসকলে ইছলামৰ ওপৰত অটল থাকিব, তেওঁলোকৰ বাবে আছে সুসংবাদ।
5- তোমালোকে সৰু সুৰা পাপ কৰ্মকো বৰ্জন কৰা
6- যিদিনা আল্লাহৰ (ৰহমতৰ) ছাঁৰ বাহিৰে আন কোনো ছাঁ নাথাকিব। সেইদিনা মহান আল্লাহে তেওঁৰ (আৰচৰ) ছাঁত সাত প্ৰকাৰ লোকক আশ্ৰয় প্ৰদান কৰিব।