إعدادات العرض
1- যি ব্যক্তিয়ে বেলেগ কোনো সম্প্রদায়ৰ সাদৃশ্য গ্রহণ কৰিব, সি সিহঁতৰেই অন্তর্ভুক্ত বুলি গণ্য হ’ব।
2- কোনো মুছলিমৰ বাবেই বৈধ নহয় তাৰ ভাইৰ লগত তিনি দিনতকৈ অধিক সময় কথা-বতৰা বন্ধ ৰখা, অৰ্থাৎ যেতিয়া সিহঁতে পৰস্পৰে সাক্ষাৎ কৰে, তেতিয়া এজনে ইফালে মুখ ঘূৰাই লয় আৰু আনজনে সিফালে মুখ ঘূৰাই লয়। সিহঁত দুজনৰ মাজত উত্তম হৈছে সেই ব্যক্তি, যিয়ে প্রথমে ছালাম কৰিব।
3- যি ব্যক্তিয়ে কোনো মুছলিমৰ ক্ষতি কৰিব, আল্লাহে সেই ব্যক্তিক ক্ষতি কৰিব; আৰু যিয়ে কোনো মুছলিমক কষ্ট দিব, তাক আল্লাহে কষ্টত পেলাব।
4- (এইটো উমান পোৱা গৈছে যে,) নিশ্চিতভাৱে তোমালোকে তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ পৰিপূৰ্ণৰূপে অনুসৰণ কৰিবা, প্ৰতি বেগেতে বেগেতে আৰু প্ৰতি গজে গজে।