إعدادات العرض
1- প্ৰতিটো নিচা জাতীয় বস্তুৱে হৈছে মাদকদ্ৰৱ্যৰ অন্তৰ্ভুক্ত, আৰু প্ৰতিটো নিচা জাতীয় বস্তুৱে হাৰাম। যিয়ে পাৰ্থিৱ জীৱনত মাদক দ্ৰৱ্য সেৱন কৰিব আৰু এই ক্ষেত্ৰক অভ্যস্ত হৈ তাওবা নকৰাকৈ মৃত্যুবৰণ কৰিব, আখিৰাতত সি শ্বাৰাব সেৱনৰ পৰা বঞ্চিত হ'ব।
2- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শিং থকা ক'লা-বগা দুটা দুম্বা(১) কুৰবানী কৰিছিল। নিজ হাতে দুয়োটা কুৰবানী কৰিছিল। বিছমিল্লাহি আল্লাহু আকবাৰ বুলি কৈ তেখেতে নিজৰ ভৰি সেই দুটাৰ ঘাৰৰ ওপৰত ৰাখিছিল।
3- নিশ্চয় আল্লাহ আৰু তেওঁৰ ৰাছুলে, মাদক দ্ৰৱ্য বেচা কিনা, মৃত জন্তু, গাহৰি আৰু মূৰ্ত্তি আদি হাৰাম কৰিছে।
4- প্ৰত্যেক চোকা দাঁত থকা হিংস্ৰ প্ৰাণী আৰু নখ (ৰ দ্বাৰা চিকাৰ কৰা) চৰাইৰ (মাংস খোৱাৰ) পৰা নিষেধ কৰিছে।