إعدادات العرض
1- মুমিনসকলৰ মাজত পৰিপূৰ্ণ ঈমানৰ অধিকাৰী হৈছে সেই ব্যক্তি, যাৰ চৰিত্র অতি উত্তম, আৰু তোমালোকৰ মাজত সর্বোত্তম হৈছে সেই ব্যক্তি, যিজন তেওঁৰ স্ত্রীৰ ওচৰত উত্তম।
2- নিশ্চয় চৰ্তাৱলীৰ মাজত প্ৰথমে পূৰণ কৰিবলগীয়া চৰ্ত হৈছে সেই চৰ্ত, যি চৰ্তৰ দ্বাৰা তোমালোকে নিজৰ স্ত্ৰীক হালাল কৰি লৈছা।
3- ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক খুতবাতুল হাজাহ শিকাইছে। নিশ্চয় সকলো প্ৰকাৰ প্রশংসা কেৱল আল্লাহৰ বাবে, আমি তেওঁৰ ওচৰতেই সহায় বিচাৰোঁ, তেওঁৰ ওচৰতেই ক্ষমা বিচাৰোঁ। লগতে আমি আমাৰ প্রবৃত্তিৰ অনিষ্টতাৰ পৰা তেওঁৰ ওচৰত আশ্রয় প্ৰাৰ্থনা কৰোঁ।
4- অভিভাৱক অবিহনে বিবাহ নহয়।
5- কোনো ঈমান্দাৰ পুৰুষে যেন কোনো ঈমান্দাৰ নাৰীক (স্ত্ৰীক) ঘৃণা নকৰে। কাৰণ যদি তেওঁ তাইৰ কোনো এটা আচৰণত অসন্তুষ্ট হয় তেন্তে তাইৰ আন এটা আচৰণত নিশ্চয় সন্তুষ্ট হ'ব।
6- তোমালোকৰ প্ৰত্যেকেই দায়িত্বশীল। গতিকে প্ৰত্যেককে তাৰ অধীনস্থ লোকসকলৰ বিষয়ে প্ৰশ্ন কৰা হ'ব।