إعدادات العرض
1- হে মোৰ খুৰা! লা ইলা-হা ইল্লাল্লাহ কলিমাটো এবাৰ স্বীকাৰ কৰক, যাতে মই আল্লাহৰ ওচৰত আপোনাৰ হৈ মাত মাতিব পাৰোঁ।
2- সূৰ্য্য পশ্চিমফালৰ পৰা উদয় নোহোৱা পৰ্যন্ত কিয়ামত সংঘটিত নহ'ব। যেতিয়া (সূৰ্য্য পশ্চিম ফালৰ পৰা) উদয় হ'ব আৰু মানুহে দেখা পাব, তেতিয়া সকলোৱে ঈমান আনিব,
3- ক্বিয়ামতৰ দিনা মৃত্যুক ধূসৰ বা ধোঁৱা বৰণীয়া এটা ভেড়াৰ আকৃতিত অনা হ'ব।
4- তোমালোকে আহলে কিতাবক সত্য বুলিও নক'বা আৰু মিছা বুলিও নক'বা, বৰং তোমালোকে কোৱা "আমি আল্লাহৰ প্ৰতি ঈমান আনিছোঁ আৰু সেই গ্ৰন্থৰ প্ৰতি ঈমান আনিছোঁ যিখন আমাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে"।
5- ইয়াহুদী হৈছে সেইসকল লোক, যিসকলৰ ওপৰত আল্লাহৰ ক্ৰোধ তথা প্ৰকোপ অৱতীৰ্ণ হৈছে, আৰু খ্ৰীষ্টানসকল হৈছে পথভ্ৰষ্ট।
6- যদি তুমি এনেকুৱা কোনো লোকক দেখা পোৱা যিয়ে মুতাশ্বাবিহাতৰ অনুসৰণ কৰে, তেন্তে জানি লবা, সিহঁতৰ কথাই এই আয়াতত কোৱা হৈছে, সিহঁতৰ পৰা সতৰ্ক থাকিবা।
7- সিহঁতে যে তোমাৰ সৈতে বিশ্বাসঘাতকতা কৰে, তোমাৰ অবাধ্যতা কৰে আৰু তোমাৰ লগত মিছা কথা কয়, আৰু ইয়াৰ ফলত তুমি সিহঁতক যি শাস্তি বিহা, এই সকলোবোৰৰ হিচাপ-নিকাচ হ'ব
8- আপুনি যিবোৰ কথা কয় আৰু যিটোৰ প্ৰতি আপুনি আহ্বান কৰে সেইটো খুবেই উত্তম। গতিকে আপুনি যদি আমাক জনালেহেঁতেন যে, আমি যিবোৰ কৰ্ম কৰিছোঁ ইয়াৰ কিবা কাফ্ফাৰাহ বা প্ৰায়শ্চিত্য আছেনে?
9- হে মানৱজাতি! আল্লাহে তোমালোকৰ পৰা জাহিলী যুগৰ দম্ভ আৰু অহংকাৰ তথা পূৰ্বপুৰুষৰ প্ৰতি থকা গৌৰৱ আদিৰ কুঃসংস্কাৰ নিঃশেষ কৰিছে।
10- তাৰ পিছত সেইদিনা নিশ্চয় তোমালোকক নিয়ামত সম্পৰ্কে প্ৰশ্ন কৰা হ’ব।