إعدادات العرض
1- এই কোৰআনৰ প্রতি যত্ন লোৱা। সেই মহান সত্তাৰ শপত, যাৰ হাতত মুহাম্মদৰ জীৱন আছে, উট যেনেকৈ ৰছীৰ পৰা অতর্কিতে ওলাই যায়, তাতকৈও অধিক অতর্কিতে [স্মৃতিৰ পৰা] কোৰআন ওলাই যায়।
2- তোমালোকৰ মাজত সর্বশ্রেষ্ঠ হৈছে সেইজন ব্যক্তি, যিয়ে নিজে কোৰআন শিকে আৰু আনকো শিকায়।
3- তোমালোকে নিজৰ ঘৰসমূহক কবৰত পৰিণত নকৰিবা। নিশ্চয় চয়তান সেই ঘৰৰ পৰা পলায়ন কৰে যি ঘৰত ছুৰা আল-বাক্বাৰাহ তিলাৱত কৰা হয়।
4- যি ব্যক্তিয়ে ৰাতিত ছুৰা বাক্বাৰাৰ শেষৰ আয়াত দুটা তিলাৱত কৰিব, সেই ব্যক্তিৰ (নিৰাপত্তাৰ) বাবে এই দুটা আয়াতেই যথেষ্ট হ’ব।
5- যি ব্যক্তিয়ে আল্লাহৰ কিতাবৰ এটি হৰফ তিলাৱত কৰিব তাৰ বাবে আছে ছোৱাব আৰু প্ৰতিটো ছোৱাব দহগুণ বৃদ্ধিকৈ প্রদান কৰা হয়।
6- মহান আল্লাহে কৈছেঃ মই মোৰ আৰু মোৰ বান্দাৰ মাজত নামাজক দুই ভাগত ভাগ কৰি দিছোঁ। মোৰ বান্দাক সেইটোৱে প্ৰদান কৰিছোঁ যিটো সি বিচাৰে।
7- ঈমান্দাৰ কোৰআন তিলাৱতকাৰীৰ উদাহৰণ হৈছে বিৰা-জৰা (Citron)ৰ দৰে, যাৰ সোৱাদো উৎকৃষ্ট আৰু সগন্ধিও উৎকৃষ্ট। আনহাতে যিজন মুমিনে কোৰআন তিলাৱত নকৰে, তাৰ উদাহৰণ হৈছে খেজুৰৰ দৰে, যাৰ সোৱাদ মিঠা কিন্তু কোনো সুগন্ধি নাই।
8- কোৰআন কণ্ঠস্থ ৰখা ব্যক্তিক কোৱা হ'ব, পঢ়া আৰু আৰোহণ কৰা, সেইদৰে ধীৰস্থিৰে তিলাৱত কৰা, যিদৰে তুমি পৃথিৱীত তিলাৱত কৰিছিলা। য'ত তুমি শেষ আয়াত তিলাৱত কৰিবা সেইটোৱে হ'ব তোমাৰ ঠিকনা।
9- হে আবুল মুনজিৰ, আল্লাহৰ কিতাবৰ কোনটো আয়াত তোমাৰ ওচৰত আটাইতকৈ মহান? তেতিয়া মই ক'লোঁঃ {اللهُ لا إِلَهَ إِلا هُوَ الْحَيُّ الْقَيُّومُ} (এই আয়াতটো মোৰ ওচৰত বেছি গুৰুত্বপূৰ্ণ) এই কথা শুনি তেখেতে মোৰ বুকুত হাতেৰে থপথপাই ক'লেঃ হে আবুল মুনজিৰ! তোমাৰ জ্ঞানক উষ্ণ আদৰণি জনাইছোঁ।
10- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰতি ৰাতি টোপনি যোৱাৰ আগত বিছনাত আহি ছুৰা ইখলাচ, ছুৰা ফালাক্ব আৰু ছুৰা নাছ