إعدادات العرض
1- যি ব্যক্তিয়ে মোৰ এই উযুৰ দৰে উযু কৰিব, তাৰ পিছত দুই ৰাক‘আত চালাত আদায় কৰিব, য’ত পৃথিৱীৰ প্ৰতি কোনো মনোযোগ নাথাকিব, সেই ব্যক্তিৰ পূর্বৰ গুনাহ ক্ষমা কৰি দিয়া হ’ব।
2- বায়ু ওলাই গ’লে, অজু নকৰালৈকে আল্লাহে তোমালোকৰ কাৰো চালাত কবূল নকৰে।
3- যি ব্যক্তিয়ে সুন্দৰভাৱে অজু কৰে, তাৰ শৰীৰৰ পৰা তাৰ গুনাহসমূহ ওলাই যায়।
4- পৰিস্কাৰ-পৰিচ্ছন্নতা তথা পৱিত্ৰতা হৈছে ঈমানৰ অৰ্দ্ধাংশ।
5- তোমালোকৰ মাজৰ কোনোবাই যেতিয়া অজু কৰিবা তেতিয়া সি যেন নাকত পানী দি নাক চাফা কৰি লয়। এইদৰে যিয়ে ইস্তিনজাৰ বাবে ঢিলা কলুষ ব্যৱহাৰ কৰিব সি যেন বিযোৰ সংখ্যক ঢিলা কলুষ ব্যৱহাৰ কৰে।
6- আৰু তেওঁলোকৰ সন্মুখত সেই পানীৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ দৰে অজু কৰি দেখুৱালে।
7- এজনে অজু কৰিলে আৰু ভৰিত নখৰ সমান ঠাই নোধোৱাকৈ এৰিলে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেয়া দেখি ক'লেঃ "উভতি যোৱা আৰু ভালকৈ অজু কৰি আহা।" তাৰ পিছত সেই ব্যক্তিজন উভতি গ'ল আৰু (ভালকৈ অজু কৰি) আহি নামাজ পঢ়িলে।
8- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰত্যেক নামাজৰ সময়তে অজু কৰিছিল।
9- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অজু কৰাৰ সময়ত (অজুৰ অংগবোৰ) এবাৰ এবাৰকৈ ধুইছিল।
10- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অজু কৰাৰ সময়ত (অজুৰ অংগবোৰ) দুবাৰ দুবাৰকৈ ধুইছিল।
11- যেতিয়া তোমালোকৰ মাজৰ কোনোবাই পেটৰ মাজত কিবা অনুভৱ কৰে, ইয়াৰ পিছত তাৰ মনত সন্দেহ হয় যে, কিবা ওলালেই নেকি। তেনেকুৱা ব্যক্তিয়ে কেতিয়াও মছজিদ ত্যাগ কৰা উচিত নহয়, যেতিয়ালৈকে সি কোনো শব্দ নুশুনিব অথবা গোন্ধ নাপাব।