إعدادات العرض
1- যিয়ে ৰোজা অৱস্থাত ভুলবশতঃ কিবা খাইছে অথবা সেৱন কৰিছে, সি ৰোজা পূৰ্ণ কৰা উচিত। কাৰণ আল্লাহেই তাক খুৱাইছে আৰু পান কৰোৱাইছে।
2- মই এবাৰ ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ সৈতে ঈদগাহত উপস্থিত হ'লোঁ, তেতিয়া তেখেতে (লোকসকলক সম্বোধন কৰি) ক'লেঃ এই দুই (ঈদৰ) দিনত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰোজা ৰাখিবলৈ নিষেধ কৰিছে। এটা হৈছে (ৰমাজানৰ) ৰোজাৰ পিছত ঈদুল ফিতৰৰ দিন, আৰু আনটো হৈছে (ঈদুল আজহাৰ দিন) যিদিনা তোমালোকে কুৰবানীৰ মাংস ভক্ষণ কৰা।
3- ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এইদৰে তালবীয়াহ পাঠ কৰিছিল। "লাব্বাইক আল্লাহুম্মা লাব্বাইক, লাব্বাইকা লা শ্বাৰীকা লাকা লাব্বাইক, ইন্নাল হামদা অন নি'মাতা লাকা অলমুল্ক, লা শ্বাৰীকা লাক।
4- তোমালোকে ৰমাজান মাহৰ শেষ দশকৰ বিযোৰ ৰাতিসমূহত লাইলাতুল ক্বদৰ অনুসন্ধান কৰা।
5- মই দেখি আছোঁ শেষৰ সাত ৰাতি সম্পৰ্কে তোমালোকৰ সপোনবোৰৰ মাজত মিল আছে। গতিকে শুনা! যিয়ে ইয়াক অনুসন্ধান কৰিব বিচাৰে, তেওঁ শেষৰ সাত ৰাতিত অনুসন্ধান কৰা উচিত।
6- আল্লাহে তোমালোকৰ বাবে এনে বস্তু ৰখা নাইনে যে, তোমালোকে ছাদাকাহ কৰিব পাৰিবা? প্ৰত্যেক তাছবীহ (ছুবহান আল্লাহ) পাঠ হৈছে ছাদাকাহ, প্ৰত্যেক তাকবীৰ (আল্লাহু আকবাৰ) পাঠ কৰাটো হৈছে ছাদাকাহ, প্ৰত্যেক তাহমীদ (আলহামদুলিল্লাহ) পাঠ কৰাটো হৈছে ছাদাকাহ, প্ৰত্যেক তাহলীল (লা ইলা-হা ইল্লাল্লাহ) পাঠ কৰাটো হৈছে ছাদাকাহ, প্ৰত্যেক ভাল কামৰ আদেশ দিয়াটো হৈছে ছাদাকাহ আৰু বেয়া কামৰ পৰা বিৰত কৰাটোও হৈছে ছাদাকাহ, আৰু তোমালোকৰ প্ৰত্যেকে নিজৰ স্ত্ৰীৰ লগত সহবাস কৰাটোও হৈছে ছাদাকাহ।
7- নিশ্চয় ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সেইসকল নাৰীৰ পৰা সম্পৰ্কচ্ছেদৰ ঘোষণা কৰিছে, যিসকলে চিঞৰি চিঞৰি কান্দা কটা কৰে, যিসকলে মূৰ খুৰায়, লগতে যিসকলে কাপোৰ কানি ফালি পেলায়।
8- ৰমাজান মাহৰ শেষ দশক যেতিয়া আৰম্ভ হৈছিল তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নিজেও ৰাতি জাগৰণ কৰিছিল আৰু তেখেতৰ পৰিয়ালকো সজাগ ৰাখিছিল, তেখেতে কঠোৰ পৰিশ্ৰম কৰিছিল তথা কঁকালৰ কাপোৰ মজবুতকৈ বান্ধি লৈছিল।
9- ছুৰা নচৰ {إِذَا جَاءَ نَصْرُ اللَّهِ وَالفَتْحُ} অৱতীৰ্ণ হোৱাৰ পিছত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰতিটো নামাজতে এই দুআ পাঠ কৰিছিলঃ ছুবহানাকা ৰাব্বানা অবিহামদিকা আল্লাহুম্মাগ ফিৰলী।
10- ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ ওপৰত আল্লাহৰ অভিসম্পাত হওক, সিহঁতে সিহঁতৰ নবীসকলৰ সমাধিসমূহক উপাসনালয়ত পৰিণত কৰিছে।’’
11- দীনাৰ যিটো তুমি আল্লাহৰ পথত ব্যয় কৰিছা, দীনাৰ যিটো তুমি দাস মুক্ত কৰিবলৈ ব্যয় কৰিছা, আৰু সেই দীনাৰ যিটো তুমি ফকীৰ মিছকিনক দান কৰিছা, লগতে সেই দীনাৰ যিটো তুমি তোমাৰ পৰিয়ালৰ ওপৰত ব্যয় কৰিছা, এইবোৰৰ মাজত আটাইতকৈ বেছি ছোৱাব হৈছে সেইটোত, যিটো তুমি তোমাৰ পৰিয়ালৰ ওপৰত ব্যয় কৰিছা।
12- যিয়ে গোটেই বছৰ ৰোজা পালন কৰে, তাৰ ৰোজাই নহয়। মাহত তিনিটা ৰোজা পালন কৰিলেই গোটেই বছৰৰ ৰোজা পালন কৰাৰ ছোৱাব অৰ্জন হয়।
13- যাৰ ওচৰত কুৰাবানীৰ পশু আছে, যিটোক তেওঁ কুৰবানী কৰিব, তেনেকুৱা ব্যক্তিয়ে জুলহিজ্জা মাহৰ জোন উঠাৰ পিছত কুৰবানী নকৰালৈকে নিজৰ শৰীৰৰ নোম বা চুলি আৰু (হাত ভৰিৰ) নখ আদি কটা উচিত নহয়।
14- ৰমাজান অহাৰ লগে লগে জান্নাতৰ দুৱাৰসমূহ খুলি দিয়া হয়, আৰু জাহান্নামৰ দুৱাৰসমূহ বন্ধ কৰি দিয়া হয়, আৰু চয়তানবোৰক শিকলিবদ্ধ কৰা হয়।
15- আজান আৰু নামাজৰ প্ৰথম শাৰীৰ যি ফজীলত আছে, সেয়া যদি মানুহে জানিলেহেঁতেন, আৰু লটাৰিৰ বাহিৰে বেলেগ কোনো উপায়ে যদি এই সুযোগ লাভ কৰাটো সম্ভৱ নহ'লহেঁতেন তেন্তে সিহঁতে নিশ্চয় লটাৰিয়ে কৰিলেহেঁতেন।
16- যিদিনা আল্লাহৰ (ৰহমতৰ) ছাঁৰ বাহিৰে আন কোনো ছাঁ নাথাকিব। সেইদিনা মহান আল্লাহে তেওঁৰ (আৰচৰ) ছাঁত সাত প্ৰকাৰ লোকক আশ্ৰয় প্ৰদান কৰিব।
17- নামাজ আদায় কৰিবা আৰু তোমালোকৰ অধিকাৰভুক্ত দাস-দাসীৰ সৈতে সদ্ব্যৱহাৰ কৰিবা।