ইবাদত সম্পৰ্কীয় ফিকহ - الصفحة 2

ইবাদত সম্পৰ্কীয় ফিকহ - الصفحة 2

12- আজান শুনাৰ পিছত যিয়ে এই দুআ পাঠ কৰিবঃ اللَّهُمَّ رَبَّ هَذِهِ الدَّعْوَةِ التَّامَّةِ، وَالصَّلاَةِ القَائِمَةِ، آتِ مُحَمَّدًا الوَسِيلَةَ وَالفَضِيلَةَ، وَابْعَثْهُ مَقَامًا مَحْمُودًا الَّذِي وَعَدْتَهُ আল্লাহুম্মা ৰাব্বা হা-জিহিদ দা'ৱাতিত তা-ম্মাহ, অচ্ছালাতিল ক্বা-য়িমাহ, আ-তি মুহাম্মাদানিল অচীলাতা অল ফাজীলাহ। অবআছহু মাক্বা-মাম মাহমূদানিল লাজী ওৱা আত্তাহ। কিয়ামতৰ দিনা তাৰ বাবে মোৰ শ্বাফাআত ওৱাজিব হৈ পৰে।

17- যি ব্যক্তিয়ে প্ৰতিটো নামাজৰ পিছত ৩৩ বাৰ ছুবহানাল্লাহ পাঠ কৰিব, আৰু ৩৩ বাৰ আলহাম্দুলিল্লাহ পাঠ কৰিব আৰু ৩৩ বাৰ আল্লাহু আকবাৰ পাঠ কৰিব, এয়া মুঠ হৈছে ৯৯ বাৰ, এইদৰে এশ সম্পূৰ্ণ কৰিবলৈ যিয়ে পাঠ কৰিবঃ লা ইলা-হা ইল্লাল্লাহু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুল্কু অলাহুল হাম্দু, ওৱা হুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ। অৰ্থঃ (আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব একমাত্ৰ তেওঁৰেই, সকলো ধৰণৰ প্ৰশংসাও তেওঁৰেই, আৰু তেওঁ সকলো বস্তুৰ ওপৰতে ক্ষমতাৱান।) তেন্তে তাৰ গুনাহসমূহ ক্ষমা কৰি দিয়া হ'ব, যদিও তাৰ গুনাহ সাগৰৰ ফেনৰ সমান হয়।

42- তোমালোকৰ মাজৰ কোনোবাই যেতিয়া মছজিদত প্ৰৱেশ কৰে তেতিয়া তেওঁ এই দুআ পঢ়া উচিতঃ "আল্লাহুম্মাফ তাহলী আবৱাবা ৰাহমাতিক", (অৰ্থঃ হে আল্লাহ! মোৰ বাবে তোমাৰ ৰহমতৰ দুৱাৰসমূহ খুলি দিয়া), আৰু ওলোৱাৰ সময়ত এই দুআ পঢ়া উচিতঃ "আল্লাহুম্মা ইন্নি আছআলুকা মিন ফাজলিক", (অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত তোমাৰ অনুগ্ৰহ কামনা কৰোঁ)।