আল্লাহৰ প্ৰতি আহ্বান আৰু সংস্কাৰমূলক বিষয়

আল্লাহৰ প্ৰতি আহ্বান আৰু সংস্কাৰমূলক বিষয়

2- “অদূৰ ভৱিষ্যতত তোমালোকৰ ওপৰত এনেকুৱা শাসকবৃন্দ নিয়োগ কৰা হ’ব, যিসকলৰ (কিছুমান কাম) তোমালোকে ভাল দেখিবলৈ পাবা আৰু (কিছুমান কাম) গর্হিত দেখিবলৈ পাবা। এতেকে যিয়ে (সিহঁতৰ গর্হিত কৰ্মক) ঘৃণা কৰিব, তেওঁ দায়মুক্ত হৈ যাব, আৰু যিয়ে আপত্তি তথা প্ৰতিবাদ জনাব, সেই ব্যক্তিও পৰিত্রাণ পাই যাব। কিন্তু যিয়ে (এইবোৰ কৰ্মত) সন্মত হ’ব আৰু সিহঁতক অনুসৰণ কৰিব (সি ধ্বংস হৈ যাব)।

6- “হে আল্লাহ! মোৰ উম্মতৰ যি ব্যক্তিয়ে কোনো ধৰণৰ কৰ্তৃত্ব লাভ কৰাৰ পিছত মানুহৰ প্রতি ৰূঢ় আচৰণ কৰিব, তুমিও তাৰ প্রতি ৰূঢ় আচৰণ কৰিবা। আনহাতে মোৰ উম্মতৰ যি ব্যক্তিয়ে কোনো দায়িত্ব লাভ কৰাৰ পিছত মানুহৰ সৈতে নম্ৰ আচৰণ কৰিব, তুমিও তাৰ প্রতি নম্রতা দেখুৱাবা আৰু সদয় হ'বা।”

10- “তোমালোকৰ মাজৰ যিয়ে কোনো অন্যায় দেখা পাাইছে, সি যেন নিজৰ হাতৰ দ্বাৰা সেইটোক পৰিবৰ্তন কৰে, যদি এইটো কৰিব নোৱাৰে তেন্তে জিভাৰ দ্বাৰা অৰ্থাৎ মৌখিকভাৱে যেন বাধা দিয়ে, আৰু যদি সি এইটোও কৰিব নোৱাৰে তেন্তে সি অন্তৰৰ দ্বাৰা ইয়াক পৰিবৰ্তন (কৰাৰ পৰিকল্পনা) কৰা উচিত। এইটো হৈছে ঈমানৰ সৰ্বনিম্ন স্তৰ।”

11- মই তোমালোকক আল্লাহৰ তাক্বৱা অৱলম্বন কৰিবলৈ আৰু (নেতৃবৃন্দৰ) কথা শুনিবলৈ আৰু মানিবলৈ উপদেশ দিলোঁ, যদিও তেওঁ (সেই নেতা) হাবশ্বী ক্ৰীতদাসে নহওক কিয়। মোৰ (মৃত্যুৰ) পিছত তোমালোকে অত্যন্ত মতভেদ দেখিবলৈ পাবা। গতিকে সেই সময়ত তোমালোকে মোৰ ছুন্নতক আৰু মোৰ খুলাফায়ে ৰাশ্বিদীনৰ ছুন্নতক মজবুতভাৱে ধাৰণ কৰি তাৰ ওপৰত অবিচল থাকিবা।

13- অনাগত সময়ত প্ৰাধান্য দিয়াৰ ক্ষেত্ৰত অন্যায় কৰা হ'ব আৰু এনেকুৱা কিছুমান বিষয় সন্মুখলৈ আহিব যিবোৰক তোমালোকে অপছন্দ কৰিবা।" তেওঁলোকে ক'লেঃ হে আল্লাহৰ ৰাছুল! তেনেকুৱা পৰিস্থিতি সম্পৰ্কে আপুনি আমাক কি উপদেশ দিয়ে? তেখেতে ক'লেঃ "তোমালোকে নিজৰ দায়িত্ব পালন কৰিবা আৰু নিজৰ অধিকাৰ আল্লাহৰ ওচৰত বিচাৰিবা।

14- আল্লাহে নিৰ্ধাৰণ কৰা সীমাৰেখাৰ ভিতৰত অৱস্থানকাৰী (অৰ্থাৎ সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধকাৰী) আৰু তেওঁৰ সীমাৰেখা উলংঘাকাৰী (অৰ্থাৎ সৎকৰ্মৰ আদেশ নিদিয়া আৰু অসৎকৰ্মৰ পৰা বাধা নিদিয়া) ব্যক্তিৰ উদাহৰণ হৈছে সেইসকল লোকৰ দৰে যিসকলে এখন (দুইমহলীয়া) জাহাজত উঠিলে, আসন নিৰ্বাচন কৰিবলৈ সিহঁতে লটাৰি কৰিলে। ফলত কিছুমানে ওপৰত ঠাই পালে আৰু কিছুমানে তলত।