ফজীলত আৰু শিষ্টাচাৰসমূহ - الصفحة 4

ফজীলত আৰু শিষ্টাচাৰসমূহ - الصفحة 4

3- যেতিয়াই কোনো মুছলিমে কোনো দুআ কৰে, যদি সেই দুআটোত কোনো গুনাহ নাথাকে, অথবা সেইটো আত্মীয়তাৰ বন্ধন ছিন্ন কৰাৰ বাবে নহয়, তেন্তে আল্লাহে সেই দুআৰ বিনিময়ত তাক এই তিনিটা বিষয়ৰ যিকোনো এটা প্ৰদান কৰে। ১- হয়তো লগে লগে তাৰ দুআ কবূল কৰে, ২- নাইবা আখিৰাতৰ বাবে সেইটো জমা কৰি ৰাখে, ৩- অথবা সেই পৰিমাণ কোনো বিপদ-আপদ দূৰ কৰি দিয়ে।" চাহাবাসকলে ক'লেঃ তেনেহ'লে আমি আৰু বেছি পৰিমাণে কৰিম। তেতিয়া তেখেতে ক'লেঃ "তেন্তে আল্লাহেও অধিক প্ৰদান কৰিব।

4- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কঠিন পৰিস্থিতিত এই দুআ পাঠ কৰিছিলঃ "লা ইলাহা ইল্লাল্লাহুল আজীমুল হালীম। লা ইলাহা ইল্লাল্লাহু ৰাব্বুল আৰশ্বিল আজীম। লা ইলাহা ইল্লাল্লাহু ৰাব্বুছ ছামাৱাতি অৰাব্বুল আৰজি অৰাব্বুল আৰশ্বিল কাৰীম।" অৰ্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ মহান, পৰম সহনশীল। আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ মহা আৰচৰ অধিপতি। আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ আকাশমণ্ডলৰ প্ৰতিপালক আৰু তেওঁ পৃথিৱীৰ প্ৰতিপালক, লগতে সন্মানীয় মহা সিংহাসনৰ প্ৰতিপালক।

7- এজন মুছলিমৰ ওপৰত আন এজন মুছলিমৰ ছয়টা হক (অধিকাৰ) আছে।" প্ৰশ্ন কৰা হ'ল, হে আল্লাহৰ ৰাছুল! সেইবোৰ কি কি? তেখেতে ক'লেঃ "সাক্ষাৎ হ'লে ছালাম কৰিবা, যদি তোমাক নিমন্ত্ৰণ জনায় তেন্তে গ্ৰহণ কৰিবা, যদি তোমাৰ পৰা পৰামৰ্শ বিচাৰে তেন্তে সৎপৰামৰ্শ দিবা, এইদৰে যদি হাঁচি কৰি আলহাম্দুলিল্লাহ কয় তেন্তে তাৰ উত্তৰ দিবা, বেমাৰত পৰিলে খা-খবৰ ল'বা, আৰু যদি মৃত্যুবৰণ কৰে তেন্তে জানাযাৰ অনুসৰণ কৰিবা।

23- ধূলিময় হওক সেই ব্যক্তিৰ নাক, যাৰ ওচৰত মোৰ নাম উল্লেখ হোৱাৰ পিছতো সি মোৰ প্ৰতি দৰূদ পাঠ কৰা নাই। সেই ব্যক্তিৰো নাক ধূলিময় হওক, যিয়ে ৰমাজান মাহত প্ৰৱেশ কৰিও নিজৰ গুনাহ মাফ নকৰাকৈয়ে থাকে আৰু ইপিনে ৰমাজান মাহ পাৰ হৈ যায়। এইদৰে ধূলিময় হওক সেই ব্যক্তিৰ নাক, যিয়ে নিজৰ পিতৃ-মাতৃক বৃদ্ধাৱস্থাত পাইয়ো (জান্নাতত প্ৰৱেশ কৰিব পৰা নাই বা) তেওঁলোকে তাক জান্নাতত প্ৰৱেশ কৰাব পৰা নাই।" (অৰ্থাৎ সি তেওঁলোকৰ সেৱা যত্ন কৰি জান্নাত অৰ্জন কৰিব পৰা নাই।)