দুআ আৰু জিকৰ-আজকাৰ সম্পৰ্কীয় ফিকহ

দুআ আৰু জিকৰ-আজকাৰ সম্পৰ্কীয় ফিকহ

3- “আল্লাহৰ ওচৰত আটাইতকৈ প্রিয় বাক্য হৈছে চাৰিটা: سُبْحَانَ اللَّهِ (আল্লাহ মহা পৱিত্র), وَالْحَمْدُ لِلَّهِ (যাৱতীয় প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে) وَلاَ إِلَهَ إِلاَّ اللَّهُ (আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই) আৰু اللَّهُ أَكْبَرُ (আল্লাহ সৰ্বশ্রেষ্ঠ)। এই চাৰিটা বাক্যৰ যিকোনো এটা বাক্যৰে আৰম্ভ কৰাত কোনো অসুবিধা নাই।”

19- যিয়ে পানাহাৰ কৰাৰ পিছত এই দুআ পাঠ কৰিবঃ (الحَمْدُ لِلَّهِ الَّذِي أَطْعَمَنِي هَذَا وَرَزَقَنِيهِ مِنْ غَيْرِ حَوْلٍ مِنِّي وَلاَ قُوَّةٍ) উচ্চাৰণঃ "আলহাম্দুলিল্লাহিল লাজী আত্বআমানী হাজা, অৰাঝাকানীহি মিন গাইৰি হাওলিম মিন্নি অলা কুওৱাহ।" অৰ্থঃ "সকলো ধৰণৰ প্ৰশংসা আল্লাহৰ বাবে, যিয়ে মোক এই আহাৰ কৰালে তথা মোক জীৱিকা প্ৰদান কৰিলে। অথচ এই ক্ষেত্ৰত মোৰ কোনো শক্তি সামৰ্থ নাছিল।" সেই ব্যক্তিৰ অতীতৰ সকলো গুনাহ ক্ষমা কৰি দিয়া হয়।

22- ৰাব্বিগ ফিৰলী খাত্বী-আতী অজাহলী, ওৱা ইছৰাফী ফি আমৰি কুল্লিহ, অমা আনতা আ'লামু বিহি মিন্নী। আল্লাহুম্মাগ ফিৰলী খাত্বায়ায়া, ওৱা আমদী, অজাহলী, অহাঝলী, অকুল্লু জালিকা ইনদী। আল্লাহুম্মাগ ফিৰলী মা ক্বাদ্দামতু অমা আখ্খাৰতু, অমা আছৰাৰতু অমা আ'লানতু, আনতাল মুক্বাদ্দিমু ওৱা আনতাল মুআখ্খিৰ, ওৱা আনতা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ।" অৰ্থঃ হে মোৰ প্ৰতিপালক! তুমি মোৰ গুনাহসমূহ, মোৰ মূৰ্খামি আৰু কৰ্মৰ ক্ষেত্ৰত কৰা সীমালংঘন ক্ষমা কৰি দিয়া, লগতে সেই যাৱতীয় ভুল-ত্ৰুটি ক্ষমা কৰি দিয়া, যিবোৰৰ বিষয়ে তুমি মোতকৈ অধিক অৱগত। হে আল্লাহ! মোৰ সেইসমূহ গুনাহো ক্ষমা কৰি দিয়া যিবোৰ মই জানি বুজি কৰিছোঁ বা হাঁহি ধেমালিতে কৰিছোঁ, আনকি মোৰ ইচ্ছা অনিচ্ছাতে হোৱা সকলো গুনাহ ক্ষমা কৰি দিয়া। হে আল্লাহ! মোৰ পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সকলো গুনাহ ক্ষমা কৰি দিয়া, লগতে প্ৰকাশ্য়ভাৱে কৰা গুনাহ আৰু অপ্ৰকাশ্যভাৱে কৰা গুনাহো ক্ষমা কৰি দিয়া। তুমিয়ে অগ্ৰসৰকাৰী আৰু তুমিয়ে পিছুৱাই দিয়াৰ অধিকাৰী। তুমি সকলো ক্ষেত্ৰতে সৰ্বশক্তিমান।

43- আল্লাহুম্মা ইন্নী আ’উজু বিকা মিনাল আ’জঝি অল কাছাল, অল জুব্নি, অল বুখল, অল হাৰাম। ৱা আজাবিল-কাব্ৰ। আল্লাহুম্মা আতি নাফ্‌ছী তাক্বৱাহা, অঝাক্কিহা আন্তা খাইৰু মান ঝাক্কা-হা, আন্তা অলিয়্যুহা ৱা মাওলাহা। আল্লাহুম্মা ইন্নী আ’উজু বিকা মিন ইল্‌মিল্ লা য়ান্‌ফা’, অমিন ক্বাল্বিল্ লা য়াখ্‌শ্বা’, অমিন নাফ্‌ছিন লা তাশ্ববা’, অমিন দা’ৱাতিল্ লা ইউস্তাজাবু লাহ।" অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ অক্ষমতাৰ পৰা, অলসতাৰ পৰা, কাপুৰুষতাৰ পৰা, কৃপণতাৰ পৰা আৰু বৃদ্ধ অৱস্থাৰ পৰা, লগতে কবৰৰ শাস্তিৰ পৰা। হে আল্লাহ! মোৰ অন্তৰত তাক্বৱা দান কৰা, আৰু ইয়াক পৰিশুদ্ধ কৰি দিয়া, কাৰণ তুমিয়ে সৰ্বোত্তম পৰিশুদ্ধকাৰী। তুমিয়েই ইয়াৰ অভিভাৱক আৰু ৰক্ষক। হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় বিচাৰোঁ এনেকুৱা জ্ঞানৰ পৰা, যিটো কোনো উপকাৰ নকৰে, আৰু এনেকুৱা অন্তৰৰ পৰা যিটো তোমাৰ ভয়ত কম্পিত নহয়, এনেকুৱা নফছৰ পৰা যিটো কেতিয়াও তৃপ্ত নহয়, আৰু এনেকুৱা দুআৰ পৰা যিটো কবূল কৰা নহয়।

50- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কঠিন পৰিস্থিতিত এই দুআ পাঠ কৰিছিলঃ "লা ইলাহা ইল্লাল্লাহুল আজীমুল হালীম। লা ইলাহা ইল্লাল্লাহু ৰাব্বুল আৰশ্বিল আজীম। লা ইলাহা ইল্লাল্লাহু ৰাব্বুছ ছামাৱাতি অৰাব্বুল আৰজি অৰাব্বুল আৰশ্বিল কাৰীম।" অৰ্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ মহান, পৰম সহনশীল। আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ মহা আৰচৰ অধিপতি। আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ আকাশমণ্ডলৰ প্ৰতিপালক আৰু তেওঁ পৃথিৱীৰ প্ৰতিপালক, লগতে সন্মানীয় মহা সিংহাসনৰ প্ৰতিপালক।

58- ধূলিময় হওক সেই ব্যক্তিৰ নাক, যাৰ ওচৰত মোৰ নাম উল্লেখ হোৱাৰ পিছতো সি মোৰ প্ৰতি দৰূদ পাঠ কৰা নাই। সেই ব্যক্তিৰো নাক ধূলিময় হওক, যিয়ে ৰমাজান মাহত প্ৰৱেশ কৰিও নিজৰ গুনাহ মাফ নকৰাকৈয়ে থাকে আৰু ইপিনে ৰমাজান মাহ পাৰ হৈ যায়। এইদৰে ধূলিময় হওক সেই ব্যক্তিৰ নাক, যিয়ে নিজৰ পিতৃ-মাতৃক বৃদ্ধাৱস্থাত পাইয়ো (জান্নাতত প্ৰৱেশ কৰিব পৰা নাই বা) তেওঁলোকে তাক জান্নাতত প্ৰৱেশ কৰাব পৰা নাই।" (অৰ্থাৎ সি তেওঁলোকৰ সেৱা যত্ন কৰি জান্নাত অৰ্জন কৰিব পৰা নাই।)