চৰীয়তি শিষ্টাচাৰ

চৰীয়তি শিষ্টাচাৰ

14- যেতিয়া তোমালোকৰ মাজৰ কোনোবাই ভাল সপোন দেখা পায়, যিটোক তেওঁ পছন্দ কৰে, সেই সপোন হৈছে আল্লাহৰ ফালৰ পৰা। এতেকে এনেকুৱা সপোনৰ বাবে তেওঁ আল্লাহৰ প্ৰশংসা কৰা উচিত আৰু সেইটো বৰ্ণনা কৰা উচিত। আনহাতে ইয়াৰ বিপৰীতে যদি কোনো বেয়া সপোন দেখে, যিটোক তেওঁ অপছন্দ কৰে, তেনেকুৱা সপোন হৈছে চয়তানৰ ফালৰ পৰা। এতেকে এনেকুৱা সপোনৰ অনিষ্টৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত, লগতে এনেকুৱা সপোনৰ বিৱৰণ কাকো দিব নালাগে। ই তাৰ কোনো ক্ষতি কৰিব নোৱাৰিব।

31- চাৰিটা দোষ যাৰ ভিতৰত আছে, সি হৈছে প্ৰকৃত মুনাফিক। যাৰ মাজত এই চাৰিটা দোষৰ যিকোনো এটা আছে, সি সেইটো পৰিত্যাগ নকৰালৈকে তাৰ ভিতৰত মুনাফিকৰ এটা স্বভাৱ থাকি যায়। (সেই দোষ চাৰিটা হৈছে) যেতিয়া সি কথা কয়, মিছা মাতে, আৰু যেতিয়া সন্ধি বা চুক্তি কৰে তেতিয়া সেয়া অমান্য কৰে, এইদৰে যেতিয়া প্ৰতিশ্ৰুতি দিয়ে তেতিয়া ভঙ্গ কৰে, লগতে কাজিয়া লাগিলে গালি শপনি পাৰে।

46- এজন মুছলিমৰ ওপৰত আন এজন মুছলিমৰ ছয়টা হক (অধিকাৰ) আছে।" প্ৰশ্ন কৰা হ'ল, হে আল্লাহৰ ৰাছুল! সেইবোৰ কি কি? তেখেতে ক'লেঃ "সাক্ষাৎ হ'লে ছালাম কৰিবা, যদি তোমাক নিমন্ত্ৰণ জনায় তেন্তে গ্ৰহণ কৰিবা, যদি তোমাৰ পৰা পৰামৰ্শ বিচাৰে তেন্তে সৎপৰামৰ্শ দিবা, এইদৰে যদি হাঁচি কৰি আলহাম্দুলিল্লাহ কয় তেন্তে তাৰ উত্তৰ দিবা, বেমাৰত পৰিলে খা-খবৰ ল'বা, আৰু যদি মৃত্যুবৰণ কৰে তেন্তে জানাযাৰ অনুসৰণ কৰিবা।