সৰ্বশক্তিমান আল্লাহৰ প্ৰতি ঈমান

সৰ্বশক্তিমান আল্লাহৰ প্ৰতি ঈমান

7- যিয়ে এই সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ একক অদ্বিতীয়, তেওঁৰ কোনো অংশীদাৰ নাই, আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) তেওঁৰ বান্দা আৰু তেওঁৰ ৰাছুল। আৰু ঈছা (আলাইহিচ্ছালাম) আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল, আৰু তেওঁৰ কলিমা যিটো তেওঁ মাৰয়ামৰ প্ৰতি অৰ্পন কৰিছিল আৰু তেওঁৰ তৰফৰ পৰা এটা ৰূহ। জান্নাত সত্য আৰু জাহান্নাম সত্য, সেই ব্যক্তিক আল্লাহ তাআলাই জান্নাতত প্ৰৱেশ কৰাব তাৰ আমল যেনেকুৱাই নহওক কিয়।

10- নিশ্চয় আল্লাহে পুণ্য লিখি দিছে আৰু পাপসমূহও লিখি দিছে। ইয়াৰ পিছত তেওঁ তাৰ ব্যাখ্যা কৰি দিছে। যি ব্যক্তিয়ে কোনো নেকী কৰাৰ সংকল্প কৰে; কিন্তু তেওঁ সেইটো কর্মত বাস্তৱায়িত কৰিব পৰা নাই, তথাপিও আল্লাহ তা‘আলাই তাৰ কাৰণে (কেৱল নিয়ত কৰাৰ বিনিময়ত) এটি পূর্ণ নেকী লিখি দিয়ে। আনহাতে যদি তেওঁ সংকল্প কৰাৰ পিছত কামটো সম্পন্ন কৰে, তেনেহ’লে আল্লাহে তাৰ বিনিময়ত দহৰ পৰা সাতশ গুণ পৰ্যন্ত, বৰং তাতকৈও অধিক গুণ বেছি নেকী লিখি দিয়ে।