ফজীলতসমূহ

ফজীলতসমূহ

18- যি ব্যক্তিয়ে ‘লা ইলাহা ইল্লাল্লাহু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুলকু অলাহুল হাম্দু, অহুৱা ‘আলা কুল্লি শ্বাইয়িন ক্বাদীৰ’ (অর্থ: আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ একক আৰু অদ্বিতীয়, তেওঁৰ কোনো অংশীদাৰ নাই, ৰাজত্ব তেওঁৰেই, প্রশংসাও তেওঁৰেই, তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান) দৈনিক দশবাৰ পাঠ কৰিব

22- বান্দাৰ ওপৰত আল্লাহৰ প্ৰাপ্য হৈছে, সিহঁতে যেন একমাত্ৰ তেওঁৰেই ইবাদত কৰে, তেওঁৰ সৈতে যেন আন কাকো অংশীদাৰ স্থাপন নকৰে। আনহাতে আল্লাহৰ ওচৰত বান্দাৰ প্ৰাপ্য হৈছে, তেওঁ যেন সেই ব্যক্তিক শাস্তি প্ৰদান নকৰে যিয়ে তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন কৰা নাই।

25- মই তোমালোকক আল্লাহৰ তাক্বৱা অৱলম্বন কৰিবলৈ আৰু (নেতৃবৃন্দৰ) কথা শুনিবলৈ আৰু মানিবলৈ উপদেশ দিলোঁ, যদিও তেওঁ (সেই নেতা) হাবশ্বী ক্ৰীতদাসে নহওক কিয়। মোৰ (মৃত্যুৰ) পিছত তোমালোকে অত্যন্ত মতভেদ দেখিবলৈ পাবা। গতিকে সেই সময়ত তোমালোকে মোৰ ছুন্নতক আৰু মোৰ খুলাফায়ে ৰাশ্বিদীনৰ ছুন্নতক মজবুতভাৱে ধাৰণ কৰি তাৰ ওপৰত অবিচল থাকিবা।

31- মুমিন নোহোৱাকৈ তোমালোকৰ মাজৰ কোনেও জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব, আৰু তোমালোকে প্ৰকৃত মুমিন হ'ব নোৱাৰিবা যেতিয়ালৈকে তোমালোকে ইজনে সিজনক মুহাব্বত নকৰিবা। মই তোমালোকক সেই বিষয়টো জনাই নিদিমনে, যিটো কৰিলে তোমালোকৰ পৰস্পৰৰ মাজত মুহাব্বত সৃষ্টি হ'ব? সেইটো হৈছেঃ তোমালোকে পৰস্পৰে ছালাম আদান প্ৰদান কৰা।

50- কিয়ামতৰ অন্যতম আলামত হৈছে, ইল্ম (জ্ঞান) উঠাই লোৱা হ'ব, অজ্ঞানতা প্ৰসাৰিত হ'ব, জিনা তথা ব্যভিচাৰ বেছি হ'ব, মাদক দ্ৰৱ্য সেৱনকাৰীয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিব, পুৰুষৰ সংখ্যা কমিব আৰু নাৰীৰ সংখ্যা বৃদ্ধি পাব, আনকি প্ৰতি পঞ্চাচজনী নাৰীৰ তত্ত্বাৱধায়ক হ'ব কেৱল এজন পুৰুষ।

58- হে আবুল মুনজিৰ, আল্লাহৰ কিতাবৰ কোনটো আয়াত তোমাৰ ওচৰত আটাইতকৈ মহান? তেতিয়া মই ক'লোঁঃ {اللهُ لا إِلَهَ إِلا هُوَ الْحَيُّ الْقَيُّومُ} (এই আয়াতটো মোৰ ওচৰত বেছি গুৰুত্বপূৰ্ণ) এই কথা শুনি তেখেতে মোৰ বুকুত হাতেৰে থপথপাই ক'লেঃ হে আবুল মুনজিৰ! তোমাৰ জ্ঞানক উষ্ণ আদৰণি জনাইছোঁ।

78- আল্লাহে তোমালোকৰ বাবে এনে বস্তু ৰখা নাইনে যে, তোমালোকে ছাদাকাহ কৰিব পাৰিবা? প্ৰত্যেক তাছবীহ (ছুবহান আল্লাহ) পাঠ হৈছে ছাদাকাহ, প্ৰত্যেক তাকবীৰ (আল্লাহু আকবাৰ) পাঠ কৰাটো হৈছে ছাদাকাহ, প্ৰত্যেক তাহমীদ (আলহামদুলিল্লাহ) পাঠ কৰাটো হৈছে ছাদাকাহ, প্ৰত্যেক তাহলীল (লা ইলা-হা ইল্লাল্লাহ) পাঠ কৰাটো হৈছে ছাদাকাহ, প্ৰত্যেক ভাল কামৰ আদেশ দিয়াটো হৈছে ছাদাকাহ আৰু বেয়া কামৰ পৰা বিৰত কৰাটোও হৈছে ছাদাকাহ, আৰু তোমালোকৰ প্ৰত্যেকে নিজৰ স্ত্ৰীৰ লগত সহবাস কৰাটোও হৈছে ছাদাকাহ।