ইবাদত সম্পৰ্কীয় ফিকহ

ইবাদত সম্পৰ্কীয় ফিকহ

61- প্ৰাক-বীৰ্যপাত তৰল পদাৰ্থ সঘনাই নিৰ্গত হোৱা বেমাৰত মই আক্ৰান্ত আছিলোঁ। মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ জোঁৱাই হোৱাৰ কাৰণে বিষয়টো সম্পৰ্কে তেখেতক সুধিবলৈ লাজ কৰিছিলোঁ। সেয়ে মই মিক্বদাদ ইবনুল আছৱাদক এই বিষয়ে সুধিবলৈ ক'লোঁ, তেওঁ সোধাত তেখেতে ক'লেঃ "এনেকুৱা ব্যক্তিয়ে নিজৰ লজ্জাস্থান ধুই লব আৰু অজু কৰিব লাগিব।

97- যিয়ে মুআজ্জিনৰ আজান শুনি এই দুআটো পাঠ কৰে, তাৰ গুনাহ খাতা মাফ কৰি দিয়া হয়। أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللهُ وَحْدَهُ لَا شَرِيكَ لَهُ، وَأَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ، رَضِيتُ بِاللهِ رَبًّا وَبِمُحَمَّدٍ رَسُولًا، وَبِالْإِسْلَامِ دِينًا অৰ্থঃ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। মই সন্তুষ্ট হৈছোঁ আল্লাহক ৰব্ব হিচাপে পাই আৰু মুহাম্মদক নবী হিচাপে পাই, লগতে ইছলামক দ্বীন হিচাপে পাই।