ফিক্হ আৰু উচুলে ফিক্হ

ফিক্হ আৰু উচুলে ফিক্হ

8- মুনাফিকসকলৰ ওপৰত আটাইতকৈ কঠিন চালাত হৈছে, ইশ্বা আৰু ফজৰৰ চালাত। সিহঁতে যদি এই দুই চালাতৰ ফজিলত সম্পর্কে জানিলেহেঁতেন তেনেহ’লে চুঁচৰি হ’লেও তাত উপস্থিত হ’লহেঁতেন। মোৰ এনেকুৱা লাগে যে, মই চালাত আদায় কৰাৰ আদেশ দিওঁ ফলত ইকামত দিয়া হওক, আৰু ইয়াৰ পিছত কাৰোবাক নামাজ পঢ়াবলৈ নিৰ্দেশ দিওঁ যেন তেওঁ মানুহকলৈ চালাত আদায় কৰে। আৰু মই এনেকুৱা কিছুমান মানুহক লগত লৈ যাম যিসকলৰ লগত থাকিব খৰিৰ বোজা, সেইসকল লোকৰ ঘৰলৈ যাম যিসকলে চালাতত উপস্থিত হোৱা নাই, ফলত সেই খৰিৰে সিহঁতৰ ঘৰত জুই লগাই দিম।

28- তেওঁ প্রতিটো নামাজৰ ছালাম ফিৰোৱাৰ পাছত এই দুআ পাঠ কৰিছিল, “লা ইলাহা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকা লাহ, লাহুল মুলকু অলাহুল হামদু অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ। লা হাউলা অলা ক্বুউওৱাতা ইল্লা বিল্লাহ। লা ইলা-হা ইল্লাল্লা-হু অলা না’বুদু ইল্লা ইয়্যা-হ, লাহুন্নি’মাতু অলাহুল ফাজলু অলাহুচ ছানা-উল হাছান, লা ইলা-হা ইল্লাল্লা-হু মুখলিছীনা লাহুদ্দীনা অলাউ কাৰিহাল কা-ফিৰূন।” (অর্থ: আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক তথা অদ্বিতীয়, তেওঁৰ কোনো অংশীদাৰ নাই। বিশ্বজগতৰ তেৱেঁই সার্বভৌম অধিপতি। সকলো প্ৰশংসা একমাত্ৰ তেওঁৰেই, তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। আল্লাহৰ সহায় অবিহনে পাপকৰ্মৰ পৰা বিৰত থকাৰ আৰু সৎকৰ্ম কৰাৰ কাৰো শক্তি নাই। আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁৰ বাহিৰে আমি কাৰো ইবাদত নকৰোঁ, যাৱতীয় নি‘আমত একমাত্ৰ তেওঁৰেই, আৰু তেওঁৰেই যাৱতীয় অনুগ্রহ, লগতে সকলো প্ৰকাৰ সু-প্রশংসা একমাত্ৰ তেওঁৰেই। আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নেই। আমি বিশুদ্ধচিত্তে তেওঁৰেই ইবাদত কৰোঁ, যদিও কাফিৰসকলে ইয়াক অপছন্দ নকৰক কিয়।

41- এজন অন্ধ লোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আহি নিবেদন কৰিলে যে, ‘হে আল্লাহৰ ৰাছুল! মোক মছজিদত লৈ আনিব পৰা কোনো মানুহ নাই।’ এতেকে সেই ব্যক্তিয়ে নিজৰ ঘৰত চালাত আদায় কৰিবলৈ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত অনুমতি বিচাৰিলে। ফলত তেখেতেও তেওঁক অনুমতি প্ৰদান কৰিলে। কিন্তু যেতিয়া তেওঁ উভতি যাবলৈ ধৰিলে, তেতিয়া তেখেতে তেওঁক মাতি ক’লে, ‘‘তুমি আজান শুনা পোৱানে?’’ তেওঁ ক’লে, ‘হয়, শুনা পাওঁ।’ তেখেতে ক’লে, ‘‘তেনেহ’লে তুমি সঁহাৰি দিয়া।’’ [অর্থাৎ মছজিদলৈ আহি চালাত আদায় কৰা।]

72- মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাবে (ফৰজ) গোছলৰ পানী ৰাখিলোঁ, আৰু এটা কাপোৰেৰে পৰ্দা কৰি দিলোঁ। তেখেতে দুয়ো হাতৰ ওপৰত পানী ঢালি দুয়ো হাত ধুই ল’লে। তাৰ পিছত সোঁহাতেৰে বাওঁহাতত পানী ঢালি লজ্জাস্থান ধুই ল’লে। ইয়াৰ পাছত মাটিত হাত ঘঁহি পৰিষ্কাৰ কৰিলে আৰু তাৰ পিছত ধুই ল’লে। ইয়াৰ পাছত কুলি কৰিলে আৰু নাকত পানী দি নাক চাফ কৰিলে। তাৰ পাছত মুখমণ্ডল ধুলে আৰু দুয়ো বাহু ধুই ল’লে। ইয়াৰ পিছত মূৰত পানী ঢালিলে আৰু সম্পূৰ্ণ শৰীৰত পানী ঢালিলে। তাৰ পাছত অকণমান আঁতৰি গৈ দুয়ো ভৰি ধুই ল’লে। ইয়াৰ পিছত (শৰীৰ মচিবলৈ) মই এখন কাপোৰ আনি দিলোঁ কিন্তু তেখেতে গ্ৰহণ নকৰিলে। আনকি তেখেতে হাতেৰে শৰীৰৰ পানী জোকাৰি পেলাই আগবাঢ়ি গ'ল।

90- যিয়ে মুআজ্জিনৰ আজান শুনি এই দুআটো পাঠ কৰে, তাৰ গুনাহ খাতা মাফ কৰি দিয়া হয়। أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللهُ وَحْدَهُ لَا شَرِيكَ لَهُ، وَأَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ، رَضِيتُ بِاللهِ رَبًّا وَبِمُحَمَّدٍ رَسُولًا، وَبِالْإِسْلَامِ دِينًا অৰ্থঃ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। মই সন্তুষ্ট হৈছোঁ আল্লাহক ৰব্ব হিচাপে পাই আৰু মুহাম্মদক নবী হিচাপে পাই, লগতে ইছলামক দ্বীন হিচাপে পাই।

96- যি ব্যক্তিয়ে প্ৰতিটো নামাজৰ পিছত ৩৩ বাৰ ছুবহানাল্লাহ পাঠ কৰিব, আৰু ৩৩ বাৰ আলহাম্দুলিল্লাহ পাঠ কৰিব আৰু ৩৩ বাৰ আল্লাহু আকবাৰ পাঠ কৰিব, এয়া মুঠ হৈছে ৯৯ বাৰ, এইদৰে এশ সম্পূৰ্ণ কৰিবলৈ যিয়ে পাঠ কৰিবঃ লা ইলা-হা ইল্লাল্লাহু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুল্কু অলাহুল হাম্দু, ওৱা হুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ। অৰ্থঃ (আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব একমাত্ৰ তেওঁৰেই, সকলো ধৰণৰ প্ৰশংসাও তেওঁৰেই, আৰু তেওঁ সকলো বস্তুৰ ওপৰতে ক্ষমতাৱান।) তেন্তে তাৰ গুনাহসমূহ ক্ষমা কৰি দিয়া হ'ব, যদিও তাৰ গুনাহ সাগৰৰ ফেনৰ সমান হয়।