আক্বীদাহ

আক্বীদাহ

26- “নিশ্চয় আল্লাহে পাপ-পুণ্য লিপিবদ্ধ কৰি ৰাখিছে। ইয়াৰ পিছত তেওঁ ইয়াৰ ব্যাখ্যাও কৰি দিছে। যি ব্যক্তিয়ে কোনো নেকী কৰাৰ সংকল্প কৰিছে; কিন্তু সেইটোক কৰ্মত বাস্তৱায়িত কৰিব পৰা নাই, মহান আল্লাহে তাৰ বাবে (কেৱল নিয়ত কৰাৰ বিনিময়তে) এটি সম্পূৰ্ণ নেকী লিখি দিয়ে, আৰু যদি সি সেই সংকল্পটোক কৰ্মত পৰিণত কৰে, তেনেহ'লে আল্লাহে ইয়াৰ বিনিময়ত তাক দহৰ পৰা সাতশ গুণ পৰ্যন্ত; আনকি তাতকৈও অধিক গুণ বেছি নেকী লিখি দিয়ে। আনহাতে যদি কোনোবাই কোনো এটা পাপ কৰ্ম কৰাৰ সংকল্প কৰে; আৰু যদি সি সেইটোক কৰ্মত পৰিণত নকৰে, তেনেহ'লে আল্লাহে তাৰ বাবে এটা পূৰ্ণ নেকী লিখি দিয়ে। আনহাতে যদি সি সংকল্প কৰাৰ পিছত সেইটোক কৰ্মত পৰিণত কৰে, তেনেহ'লে আল্লাহে ইয়াৰ ফলত কেৱলমাত্র এটাই পাপ লিপিবদ্ধ কৰে।”

83- আমি ক'লোঁ যে, আপুনি হৈছে আমাৰ ছায়্যেদ। তেখেতে ক'লেঃ "ছায়্যেদ হৈছে আল্লাহ তাআলা।" তেতিয়া আমি ক'লোঁ, আপুনি হৈছে আমাৰ মাজত উচ্চ মৰ্যাদা সম্পন্ন, তথা মহান দাতা আৰু উদাৰ ব্যক্তিত্বৰ অধিকাৰী। তেতিয়া তেখেতে ক'লেঃ "এইটো ক'ব পাৰা বা এনেকুৱা কথা ক'ব পাৰা। কিন্তু মনত ৰাখিবা চয়তানে যাতে তোমালোকক নিজৰ প্ৰতিনিধি বনাই নলয়।" (অৰ্থাৎ মোৰ বিষয়ে এনেকুৱা কোনো কথা নক'বা যিটোৰ লগত মোৰ কোনো সম্পৰ্ক নাই)